• Home
  • »
  • News
  • »
  • nation
  • »
  • চাহ বনাই দিব বিচৰা নাছিল পত্নীয়ে, গুপ্তাংগত জলকীয়া গুৰি ঢালিলে স্বামীয়ে

চাহ বনাই দিব বিচৰা নাছিল পত্নীয়ে, গুপ্তাংগত জলকীয়া গুৰি ঢালিলে স্বামীয়ে

প্ৰতীকী ফটো

প্ৰতীকী ফটো

  • Share this:
স্বামীৰ বিৰুদ্ধে থানাত অভিযোগ দাখিল কৰিবলৈ বাধ্য হ’ল এগৰাকী ২৩ বছৰীয়া মহিলা। মহিলাগৰাকীৰ অভিযোগ শুনি হতবাক আৰক্ষী। মহিলাগৰাকীৰ অভিযোগ, স্বামীয়ে শাহুৱেকৰ বাবে চাহ বনাই দিবলৈ কৈছিল। কিন্তু মহিলাগৰাকীয়ে তেতিয়া চাহ বনাই দিব বিচৰা নাছিল। খঙতে স্বামীয়ে মহিলাগৰাকীক প্ৰহাৰ কৰাৰ লগতে গুপ্তাংগত জলকীয়াৰ গুৰি ঢালি দিয়া বুলি অভিযোগ কৰে।

ৰীতি অনুসৰি সোমবাৰে ঘৰত চৌকা জ্বলোৱা নিষেধ আছিল। ফলত আগনিশাই সকলো ৰন্ধা–বঢ়া কৰি ৰাখিছিল মহিলাগৰাকীয়ে, যাতে সেইদিনা আৰু চৌকা জ্বলাবলগীয়া নহয়। কিন্তু সেই কথা পাহৰি স্বামীয়ে চাহ বনাবলৈ দিয়ে পত্নীক। কিন্তু নীতি–নিয়ম অমান্য কৰি চাহ বনাবলৈ অমান্তি হয় মহিলাগৰাকী। তাৰ পিছতে আৰম্ভ হয় কাজিয়া। ভুক্তভোগী মহিলাগৰাকী আৰু শাহুৱেকৰ মাজত সৃষ্টি হয় বাক–বিতণ্ডা। শেষত কাজিয়াৰ অন্ত পেলাবলৈ দোকানৰ পৰা চাহ আনিবলৈ যায় মহিলাগৰাকীয়ে। সেই সময়তে মহিলাগৰাকীৰ পিছ লয় শাহুৱেক আৰু স্বামীয়ে। মাজ ৰাস্তাত মহিলাগৰাকীক মাৰ–ধৰ কৰি ঘৰলৈ লৈ আহে। শাহুৱেকে পুত্ৰৰ হাতত তুলি দিয়ে লাঠি। তাৰ পিছতে পত্নীৰ গুপ্তাংগত ঢালি দিয়ে জলকীয়াৰ গুৰি।

মহিলাগৰাকীয়ে অভিযোগ কৰিছে, স্বামী আৰু শাহুৱেকে এটি পুত্ৰ সন্তান জন্মৰ পিছৰে পৰা অত্যাচাৰ কৰি আহিছে। নিতৌ শাৰীৰিক অত্যাচাৰ সহিবলগীয়া হয়। কিন্তু সেইদিনা অত্যাচাৰৰ সীমা চেৰাই গ’ল। সেয়েহে থানাত অভিযোগ দিবলৈ আহিছে। ঘটনাটো আহমেদাবাদৰ।

এয়াও চাওক : ২০১৯ৰ পৰা ২০২০লৈ ক’ত ক’ত ফুৰিবলৈ গৈছিল ৰিয়া? আৰক্ষীৰ হাতত নতুন তথ্য
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি