তিনি বছৰ পূৰ্বে পত্নীৰে বিচ্ছেদ, TikTokত পত্নীয়ে বিচাৰি পালে স্বামীক

২০১৬ চনত সুৰেশে পত্নী–সন্তানক এৰি ওলাই গৈছিল ঘৰৰ পৰা। পত্নী জয়াপ্ৰধাই স্থানীয় আৰক্ষী থানাত ঘটনা সন্দৰ্ভত দাখিল কৰিছিল এখন এজাহাৰ।

News18-Assam
Updated:July 3, 2019, 10:41 PM IST
তিনি বছৰ পূৰ্বে পত্নীৰে বিচ্ছেদ, TikTokত পত্নীয়ে বিচাৰি পালে স্বামীক
২০১৬ চনত সুৰেশে পত্নী–সন্তানক এৰি ওলাই গৈছিল ঘৰৰ পৰা। পত্নী জয়াপ্ৰধাই স্থানীয় আৰক্ষী থানাত ঘটনা সন্দৰ্ভত দাখিল কৰিছিল এখন এজাহাৰ।
News18-Assam
Updated: July 3, 2019, 10:41 PM IST
ঘটনাটো তামিলনাডুৰ ভিল্লুপুৰমৰ। তিনি বছৰ পূৰ্বে এজন লোকে পত্নী–সন্তানক এৰি গুচি গৈছিল ঘৰ এৰি। তিনি বছৰ ধৰি কোনো খবৰ নাছিল লোকজনৰ। কিন্তু TikTokৰ যোগেদি স্বামীক বিচাৰি উলিয়ালে মহিলাগৰাকীয়ে।

কৃষ্ণগিৰিৰ সুৰেশ নামৰ লোকজনে বিবাহপাশত আবদ্ধ হৈছিল জয়াপ্ৰধা নামৰ এগৰাকী মহিলাৰ সৈতে। তেওঁলোকৰ আছে দুটি সন্তান। ২০১৬ চনত সুৰেশে পত্নী–সন্তানক এৰি ওলাই গৈছিল ঘৰৰ পৰা। পত্নী জয়াপ্ৰধাই স্থানীয় আৰক্ষী থানাত ঘটনা সন্দৰ্ভত দাখিল কৰিছিল এখন এজাহাৰ। আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰিছিল যদিও কোনো শুংসূত্ৰ পোৱা নাছিল সুৰেশৰ।

কিছুদিন পূৰ্বে জয়াপ্ৰধাৰ এজন আত্মীয়ই সুৰেশৰ দৰে এজন লোকক TikTokৰ ভিডিঅ’ত প্ৰত্যক্ষ কৰে। যেতিয়া জয়াপ্ৰধাক ভিডিঅ’টো দেখুৱালে তেতিয়া মহিলাগৰাকীয়ে সেইজনেই তেওঁৰ স্বামী বুলি নিশ্চিত কৰে। তাৰ পিছতে মহিলাগৰাকীয়ে আৰক্ষীক অৱগত কৰে বিষয়টো। আৰক্ষীয়ে হছুৰ অঞ্চলত সুৰেশৰ অৱস্থিতি ধৰা পেলায়।



আৰক্ষীৰ মতে, সুৰেশে পাৰিবাৰিক সমস্যাৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল আৰু হছুৰত মেকানিক হিচাপে কাম কৰিছিল। আন এগৰাকী মহিলাৰ সৈতে সুৰেশৰ সম্পৰ্কও গঢ়ি উঠিছিল যিগৰাকী মহিলা ভিডিঅ’টোত আছিল। ইণ্ডিয়া টুডে’ত প্ৰকাশ পাইছে এই খবৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি