মুখ্যপৃষ্ঠা »খবৰ »দেশ »দিল্লী: মাতৃক ছুৰিকাঘাত কৰি হত্যাৰ পাছতেই আত্মহত্যা হতাশাগ্ৰস্ত যুৱকৰ

দিল্লী: মাতৃক ছুৰিকাঘাত কৰি হত্যাৰ পাছতেই আত্মহত্যা হতাশাগ্ৰস্ত যুৱকৰ

Representative photo

Representative photo

আৰক্ষীয়ে প্ৰায় ৭৭ পৃষ্ঠাৰ এখন চুইচাইড নোট উদ্ধাৰ কৰে য'ত যুৱকজনে তেওঁৰ মাতৃক হত্যা কৰা বুলি দাবী কৰিছে।

  • Share this:
দেওবাৰে দিল্লীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে দিল্লীৰ ৰোহিণীৰ অন্তৰ্গত বুধ বিহাৰত এজন ২৫ বছৰীয়া যুৱকে মাতৃক হত্যা কৰাৰ পাছত নিজেই আত্মহত্যাৰ পথ বাছি লয়। খবৰ অনুসৰি আৰক্ষীয়ে প্ৰায় ৭৭ পৃষ্ঠাৰ এখন চুইচাইড নোট উদ্ধাৰ কৰে য'ত যুৱকজনে তেওঁৰ মাতৃক হত্যা কৰা বুলি দাবী কৰিছে।

ৰোহিণীৰ উপ আৰক্ষী আয়ুক্ত প্ৰণৱ তায়ালৰ সংবাদ প্ৰতিষ্ঠান PTIক জনোৱা মতে আৰক্ষীয়ে দেওবাৰে নিশা ৮ বজাত ৰোহিণী চেক্টৰ-২৪ৰ এটা ঘৰৰ পৰা ওলোৱা দুৰ্গন্ধৰ বিষয়ে এটা পিচিআৰ ফোনযোগে খবৰ পাইছিল। তেখেতে কয়,‘স্থানীয় আৰক্ষী থানাৰ এটা দল লগে লগে ঘটনাস্থলীত উপস্থিত হয়। চুবুৰীয়াসকলে তেওঁলোকক সেই ঘৰটোৰ বিষয়ে অৱগত কৰিছিল য'ৰ পৰা গোন্ধটো আহি আছিল। আমি দেখিছিলো যে মূল দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰা হৈছিল।’

জানিব পৰা মতে যেতিয়া আৰক্ষীৰ দলটো ঘৰৰ ভিতৰলৈ সোমাই গৈছিল তেতিয়া তেওঁলোকে যুৱকজনৰ মৃতদেহটো তেজেৰে লুতুৰি পুতুৰি অৱস্থাত পাইছিল আৰু মহিলাগৰাকীৰ পচি যোৱা মৃতদেহটো বাথৰুমত পৰি আছিল। মৃত দুয়ো মাতৃ-পুত্ৰৰ নাম ক্ষিতিজ আৰু মিথিলেশ বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে ঘটনাস্থলীত লাভ কৰা ক্ষিতিজৰ প্ৰায় ৭৭ পৃষ্ঠাৰ চুইচাইড নোটখনত ক্ষিতিজ বৃহস্পতিবাৰে নিজৰ মাকক হত্যা কৰাৰ পাছত ডিঙি কাটি আত্মহত্যা কৰাৰ কথা স্বীকাৰ কৰিছে। ঘটনাস্থলীত অপৰাধ অনুসন্ধান শাখাৰ দল আৰু ফৰেনচিক বিজ্ঞান পৰীক্ষাগাৰৰ দল প্ৰেৰণ উপস্থিত হৈ সকলো তথ্য গ্ৰহণ কৰে। ইতিমধ্যে গোচৰটোৰ আইনী ব্যৱস্থা আৰম্ভ কৰা হৈছে বুলি।

জানিব পৰা মতে চুইচাইড নোটখনত ক্ষিতিজে ‘হতাশা’ সম্পৰ্কে উল্লেখ কৰিছিল আৰু নিবনুৱা হোৱা বাবে তেওঁ নিজৰ জীৱন শেষ কৰিব বিচাৰিছিল বুলি উল্লেখ আছে।

ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি)য়ে প্ৰকাশ কৰা এক তথ্য অনুসৰি ২০২১ চনত আত্মহত্যাৰ ফলত ভাৰতত ১.৬৪ লাখৰো অধিক লোকৰ মৃত্যু নথিভুক্ত হৈছে যি বৰ্তমান পৰ্যন্ত যিকোনো কেলেণ্ডাৰ বৰ্ষৰ বাবে সৰ্বাধিক। যোৱা বছৰ দেশত প্ৰতি ঘণ্টাত প্ৰায় ১৮ জন লোকে চৰম পদক্ষেপ লৈছিল। আত্মহত্যাৰ ফলত মৃত্যু হোৱা লোকসকলৰ ভিতৰত প্ৰায় ১.১৯ লাখ পুৰুষ, ৪৫,০২৬ গৰাকী মহিলা আৰু ২৮ জন ট্ৰেন্সজেণ্ডাৰ আছিল।

শেহতীয়া বাতৰি