உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • কান্দি থকা সন্তানৰ খোৱা বস্তু আনিবলৈ ৫ টকা বিচাৰিছিল পত্নীয়ে, খঙৰ ভমকত ডেৰ বছৰীয়া কন্যাকে হত্যা কৰিলে পিতৃয়ে

    কান্দি থকা সন্তানৰ খোৱা বস্তু আনিবলৈ ৫ টকা বিচাৰিছিল পত্নীয়ে, খঙৰ ভমকত ডেৰ বছৰীয়া কন্যাকে হত্যা কৰিলে পিতৃয়ে

    মূৰত একাধিক আঘাত পোৱাৰ ফলত ঘটনাস্থলীতে মৃত্যু হয় শিশুটিৰ।

    মূৰত একাধিক আঘাত পোৱাৰ ফলত ঘটনাস্থলীতে মৃত্যু হয় শিশুটিৰ।

    মূৰত একাধিক আঘাত পোৱাৰ ফলত ঘটনাস্থলীতে মৃত্যু হয় শিশুটিৰ।

    • Share this:


    বহু সময় ধৰি কান্দি আছিল ডেৰ বছৰীয়া শিশুটিয়ে। কন্যাৰ ক্ৰন্দন বন্ধ কৰাৰ বাবে কিবা এটা আনিবলৈ স্বামীক ৫ টকা বিচাৰিছিল পত্নীয়ে। তাতেই ঘটিল অথন্তৰ। নিজৰ কন্যা সন্তানক নিৰ্মমভাৱে হত্যা কৰিলে পিতৃয়ে। এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ গোণ্ডা জিলাত। অভিযুক্ত বিবেক নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

    জনা গৈছে, সন্তানটিৰ খোৱা বস্তুৰ বাবে ৫ টকা বিচাৰিছিল মাতৃয়ে। ৫ টকা বিচাৰোতেই খঙৰ ভমকত পিতৃয়ে মাটিত এচাৰিবলৈ আৰম্ভ কৰে শিশুটিক। মূৰত একাধিক আঘাত পোৱাৰ ফলত ঘটনাস্থলীতে মৃত্যু হয় শিশুটিৰ।

    Published by:Sanjay Kumar Das
    First published: