ৰাখে হৰি মাৰে কোনেঃ চাওক VIDEO

চলন্ত ৰে’লত এজন লোকে উঠিবলৈ চেষ্টা কৰি আছিল, তেতিয়াই পিছলিল ভৰি আৰু ৰে’ললাইনৰ মাজত বাগৰি পৰে।

news18assam
Updated:June 20, 2019, 10:41 AM IST
ৰাখে হৰি মাৰে কোনেঃ চাওক VIDEO
চলন্ত ৰে’লত এজন লোকে উঠিবলৈ চেষ্টা কৰি আছিল, তেতিয়াই পিছলিল ভৰি আৰু ৰে’ললাইনৰ মাজত বাগৰি পৰে।
news18assam
Updated: June 20, 2019, 10:41 AM IST
ৰাখে হৰি মাৰে কোনে, এই কথাশাৰী আপুনি হয়টো কেইবাবাৰো শুনিছে। এনেকুৱা এক ঘটনা দেখিবলৈ পোৱা গ’ল ওড়িশাৰ ঝাৰছুগুড়া ৰে’লৱে ষ্টেচনত। চলন্ত ৰে’লত এজন লোকে উঠিবলৈ চেষ্টা কৰি আছিল, তেতিয়াই পিছলিল ভৰি আৰু ৰে’ললাইনৰ মাজত বাগৰি পৰে।

খবৰ অনুসৰি, ওড়িশাৰ ঝাৰছুগুড়া ৰে’লৱে ষ্টেচনত চলন্ত ৰে’লত উঠিবলৈ চেষ্টা চলোৱা লোকজন যেতিয়া ৰে’ললাইনৰ ভিতৰত সোমাই পৰে লগে লগে ঘটনাস্থলীত ভিৰৰ সৃষ্টি হয়। ভিডিঅ’টো দেখিলে উমান কৰিব পাৰি যে লোকজন যিধৰণে প্লেটফৰ্মৰ পৰা ৰে’ললাইনৰ মাজত বাগৰি পৰে লোকজন যে দুৰ্ঘটনাটোৰ পৰা ৰক্ষা পৰিব আশা ক্ষীণ আছিল। কিন্তু এনেকুৱা নহ’ল, কম–বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হ’লেও দুৰ্ঘটনাটোৰ পৰা কথমপি প্ৰাণৰক্ষা লোকজনৰ।

 




ভিডিঅ’টোত দেখা পোৱা গৈছে যে ৰে’ললাইনৰ মাজত বাগৰি পৰা লোকজনক ৰক্ষা কৰিবলৈ প্লেটফ’ৰ্মত উপস্থিত থকা লোকসকল আগবাঢ়ি আহে যদিও লোকজন তেতিয়ালৈ ৰে’লৰ তলত বাগৰি পৰিছিল। ৰে’লখন গুচি যোৱাৰ পিছত লোকজনক উপস্থিত লোকসকলে উঠাই হাস্পতালত ভৰ্তি কৰায়।
আৰু চাওক পৰৱৰ্তী বাতৰি