உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • ''ম'হে গাখীৰ নিদিয়ে', আৰক্ষী থানাত গোচৰ কৃষকৰ, থানাই দিলে পৰিত্ৰাণৰ এনে উত্তম উপায়

    ''ম'হে গাখীৰ নিদিয়ে', আৰক্ষী থানাত গোচৰ কৃষকৰ, থানাই দিলে পৰিত্ৰাণৰ এনে উত্তম উপায়

    অৱশ্যে এয়া তেওঁ এক ধেমালিসুলভ মনোবৃত্তিৰে কৰা নাছিল। সম্পূৰ্ণ বিশ্বাসৰ ভিত্তিতে তেওঁ এই অভিযোগ কৰিছিল।

    অৱশ্যে এয়া তেওঁ এক ধেমালিসুলভ মনোবৃত্তিৰে কৰা নাছিল। সম্পূৰ্ণ বিশ্বাসৰ ভিত্তিতে তেওঁ এই অভিযোগ কৰিছিল।

    অৱশ্যে এয়া তেওঁ এক ধেমালিসুলভ মনোবৃত্তিৰে কৰা নাছিল। সম্পূৰ্ণ বিশ্বাসৰ ভিত্তিতে তেওঁ এই অভিযোগ কৰিছিল।

    • Share this:

    খবৰৰ মাজত এনে কিছুমান আজব খবৰৰ অভাৱ নাই। মধ্য প্ৰদেশৰ ভিন্দ জিলাৰ এজন কৃষকে এইবাৰ তেওঁৰ পোহনীয়া ম'হৰ বিৰুদ্ধে এখন আৰক্ষী থানাত গৈ গোচৰ তৰে। গোচৰ অনুযায়ী তেওঁৰ ম'হে কোনো কাৰণতে গাখীৰ দিব নোখোজে।


    অৱশ্যে এয়া তেওঁ এক ধেমালিসুলভ মনোবৃত্তিৰে কৰা নাছিল। সম্পূৰ্ণ বিশ্বাসৰ ভিত্তিতে তেওঁ এই অভিযোগ কৰিছিল যে ম'হে গাখীৰ দিবলৈ অস্বীকাৰ কৰিছে আৰু এনে হোৱাৰ কাৰণ তেওঁ যাদুবিদ্যা বুলি সন্দেহ কৰে। এই সম্পৰ্কে জানিবলৈ দিয়ে থানাখনৰ এজন বিষয়াই দেওবাৰে।


    ম'হৰখীয়াগৰাকীয়ে আৰক্ষীৰ হস্তক্ষেপ বিচাৰি শনিবাৰে এটা ভিডিঅ'ও ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰে। ঘটনা সন্দৰ্ভত উপ আৰক্ষী অধীক্ষক অৰবিন্দ শ্বাহে সংবাদ সংস্থা পিটিআইক জনোৱা অনুসৰি, "বাবুলাল জাটাভ (৪৫) নামৰ এজন গাঁওবাসীয়ে শনিবাৰে নয়াগাঁও আৰক্ষী থানাত অভিযোগ দাখিল কৰি কয় যে তেওঁৰ ম'হক যোৱা কেইদিনমান ধৰি গাখীৰ দিয়াত বাধা দিয়া হৈছে।"


    অভিযোগকাৰীৰ মতে, কিছুমান গাঁওবাসীয়ে তেওঁক ম'হে যাদুবিদ্যাৰ প্ৰভাৱত এনে কৰিছিল বুলি উল্লেখ কৰিছে আৰু ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি তেওঁ আৰক্ষীৰ কাষ চাপিছে।


    অভিযোগ দাখিল কৰাৰ প্ৰায় চাৰি ঘণ্টা পিছত কৃষকজনে পুনৰ তেওঁৰ ম'হটো আৰক্ষী চকীলৈ লৈ গৈছিল আৰু তাৰ পিছত আৰক্ষীৰ পৰা সহায় বিচাৰিছিল। আৰক্ষীৰ বাবে আজব গোচৰৰ পম খেদা উজু নেদেখি তেওঁলোকে কৃষকগৰকীক এজন পশু চিকিৎসকৰ ব্যৱস্থা কৰি দিয়ে।

    Published by:Gautam Barman
    First published: