২৫ হাজাৰ টকাৰ জৰিমনা বিহাৰ লগে লগে যুৱকে জ্বলাই দিলে নিজৰ বাইক

স্বাস্থ্য পৰীক্ষাৰ পিছত আৰক্ষীয়ে গোচৰ ৰুজু কৰি জিম্মাত লয় যুৱকজনক।

News18-Assam
Updated:September 6, 2019, 8:45 AM IST
২৫ হাজাৰ টকাৰ জৰিমনা বিহাৰ লগে লগে যুৱকে জ্বলাই দিলে নিজৰ বাইক
স্বাস্থ্য পৰীক্ষাৰ পিছত আৰক্ষীয়ে গোচৰ ৰুজু কৰি জিম্মাত লয় যুৱকজনক।
News18-Assam
Updated: September 6, 2019, 8:45 AM IST
দেশজুৰি কাৰ্যকৰী হৈছে নতুন যান–বাহন আইন। আইন উলংঘা কৰা লোকক বিহা হৈছে বৃহৎ পৰিমাণৰ জৰিমনা। আনকি গাড়ীৰ দামতকৈ অধিক পৰিমাণৰ জৰিমনা বিহাৰ দৰে ঘটনাও সংঘটিত হৈছে। জনসাধাৰণৰ বাবে যেন আতংক হৈ পৰিছে যান–বাহন আৰক্ষী। ইয়াৰ মাজতে দিল্লীত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা।

দিল্লীৰ মালব্য নগৰ অঞ্চলত সুৰাপায়ী চালকৰ বিৰুদ্ধে যান–বাহন আৰক্ষীয়ে চলাইছিল তালাচী অভিযান। আৰক্ষীৰ অভিযানত সুৰাপান কৰি বাইক চলোৱাৰ অভিযোগত আৰক্ষীয়ে জৰিমনা বিহিলে ৰাকেশ নামৰ এজন যুৱকক। সুৰামত্ত যুৱকজনক ২৫ হাজাৰ টকাৰ জৰিমনা বিহিলে আৰক্ষীয়ে। ২৫ হাজাৰ টকা জৰিমনা বিহাত ক্ষুব্ধ হৈ যুৱকজনে বাইকৰ টেংকীৰ পৰা পেট্ৰ’ল উলিয়াই আৰক্ষীৰ সন্মুখতে জ্বলাই দিয়ে বাইকখন।

বাইক চালকজনৰ এই কৰ্মকাণ্ডই সেই স্থানত উপস্থিত সকলোকে আচৰিত কৰি তোলে। লগে লগে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হয়। জুই নিৰ্বাপিত হোৱাৰ সময়লৈ বাইকখন সম্পূৰ্ণৰূপে জাহ যায় জুইত।

আৰক্ষীয়ে ৰাকেশৰ বিৰুদ্ধে IPC 453 ধাৰাৰ অধীনত ৰুজু কৰিছে এটা গোচৰ। আৰক্ষীৰ মতে ৰাকেশে তালাচীৰ সময়ত সুৰামত্ত অৱস্থাত আছিল। স্বাস্থ্য পৰীক্ষাৰ পিছত আৰক্ষীয়ে গোচৰ ৰুজু কৰি জিম্মাত লয় যুৱকজনক।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি