உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • পৰিয়ালক ৰক্ষা কৰিবলৈ নাহৰফুটুকীৰ সৈতে ২০ মিনিটৰ এখন যুঁজ এজন লোকৰ, তাৰ পিছত কি হ’ল চাওক

    পৰিয়ালক ৰক্ষা কৰিবলৈ নাহৰফুটুকীৰ সৈতে ২০ মিনিটৰ এখন যুঁজ এজন লোকৰ, তাৰ পিছত কি হ’ল চাওক

    এই ঘটনা সোমবাৰৰ। কৰ্ণাটকৰ হাচান জিলাৰ আৰাচিকেৰে তালুকত সংঘটিত হয় এই ঘটনা।

    এই ঘটনা সোমবাৰৰ। কৰ্ণাটকৰ হাচান জিলাৰ আৰাচিকেৰে তালুকত সংঘটিত হয় এই ঘটনা।

    এই ঘটনা সোমবাৰৰ। কৰ্ণাটকৰ হাচান জিলাৰ আৰাচিকেৰে তালুকত সংঘটিত হয় এই ঘটনা।

    • Share this:
    চিনেমাৰ কায়দাৰে যুঁজত নামিছে এজন লোক। এয়া সাধাৰণ যুঁজ নহয়, এটা প্ৰকাণ্ড নাহৰফুটুকীৰে সৈতে যুঁজ কৰিছে লোকজনে। নিজৰ পৰিয়ালক নাহৰফুটুুকীৰ চিকাৰৰ পৰা ৰক্ষা কৰিবলৈ প্ৰায় ২০ মিনিট ধৰি নাহৰফুটুৰীটোৰ সৈতে যুঁজ। জীৱন-মৰণৰ কথা কেৰেপ নকৰি কৰি যুঁজিছে নাহৰফুটুকীৰ সৈতে। প্ৰায় ২০ মিনিট ধৰি নাহৰফুটুৰীটোৰ সৈতে যুঁজি অৱশেষত তেওঁ বাঘটোক হত্যা কৰি জয়ী হয়।

    এই ঘটনা সোমবাৰৰ। কৰ্ণাটকৰ হাচান জিলাৰ আৰাচিকেৰে তালুকত সংঘটিত হয় এই ঘটনা। যেতিয়া ৰাজগোপাল নায়ক নামৰ লোকজনে তেওঁৰ পত্নী চন্দ্ৰমা আৰু পুত্ৰ কিৰণৰ সৈতে মটৰ চাইকেলেৰে ঘৰলৈ উভতিছিল, সেই সময়তে জংঘলৰ পৰা ওলাই অহা এটা নাহৰফুটুকীয়ে আক্ৰমণ কৰে ৰাজগোপালৰ পৰিয়ালটোক।

    প্ৰথমে নাহৰফুটুকীটোৱে ৰাজগোপালৰ পুত্ৰ কিৰণক আক্ৰমণ কৰে আৰু তাৰ পিছতে জপিয়াই পৰে পত্নীৰ ওপৰত। নাহৰফুটুকীৰ অতৰ্কিত আক্ৰমণ দেখি একো নভৱাকৈয়ে ৰাজগোপালে বাঘটোক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছিল। তাৰ পিছত নাহৰফুটুকীটোৰ ডিঙিত ধৰি তেওঁ হাতেৰে তাৰ মূৰত মাৰিবলৈ আৰম্ভ কৰিছিল। নাহৰফুটুকীটোৱেও ৰাজগোপালক আক্ৰমণ কৰিছিল যদিও তেওঁ বাঘটোৰ ডিঙি টানকৈ ধৰিছিল আৰু মৃত্যু নোহোৱা পৰ্যন্ত বাৰে বাৰে মূৰত আঘাত কৰিছিল।

    এই ঘটনাৰ পিছতে গাওঁখনৰ বাসিন্দাসকল একত্ৰিত হৈছিল আৰু নায়কক পানী খাবলৈ দিছিল আৰু তেওঁৰ জীৱনক তুচ্ছ কৰি নিজৰ পৰিয়ালক ৰক্ষা কৰি দেখুওৱা বীৰত্বক প্ৰশংসা কৰিছিল।

    আনহাতে, ৰাজগোপালসহ তেওঁৰ আহত পত্নী আৰু পুত্ৰ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। বন বিভাগক ঘটনা সন্দৰ্ভত অৱগত কৰাত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত নাহৰফুটুকীটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে পশু চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
    Published by:Sanjay Kumar Das
    First published: