বাজী লগাইছিল ৫০টা কণী খোৱাৰ, ৪২টা খোৱাৰ পিছতে মৃত্যু যুৱকৰ

কণী খাই থকাৰ সময়তে মাটিত বাগৰি অচেতন হৈ পৰে যুৱকজন।

News18-Assam
Updated:November 4, 2019, 12:25 PM IST
বাজী লগাইছিল ৫০টা কণী খোৱাৰ, ৪২টা খোৱাৰ পিছতে মৃত্যু যুৱকৰ
কণী খাই থকাৰ সময়তে মাটিত বাগৰি অচেতন হৈ পৰে যুৱকজন।
News18-Assam
Updated: November 4, 2019, 12:25 PM IST
দুই বন্ধুৰ মাজত বাজী লাগিল। কোনে কিমান কণী খাব পাৰে? যিয়ে এবটল সুৰা আৰু ৫০টা কণী খাব পাৰিব সিয়ে লাভ কৰিব ২ হাজাৰ টকা। কথামতে দুয়ো বন্ধু বজাৰ পালেগৈ। এখন দোকানত বহি প্ৰথমে এজনে খাবলৈ ল’লে কণী। এটা এটাকৈ ৪১টা কণী খালে যুৱকজনে। ৪২ নম্বৰ কণীটো খোৱাৰ সময়তে লাগিল লেঠা। মাটিত বাগৰি পৰিল যুৱকজন।

ঘটনাটো উত্তৰ প্ৰদেশৰ জৌনপুৰৰ বিবিগঞ্জ বজাৰৰ। শ্বাহগঞ্জ কোটৱালী অঞ্চলৰ অৰ্গুপুৰ কলাং ধৌৰহৰা গাঁৱৰ বাসিন্দা সুভাষ যাদৱ নামৰ যুৱকজনে শুকুৰবাৰে বিবিগঞ্জ বজাৰত এজন বন্ধুৰ সৈতে বাজী লগাইছিল। এবটল সুৰাৰ লগতে ৫০টা কণী যিয়ে খাব পাৰিব সিয়ে পাব ২ হাজাৰ টকা। সুভাষে চৰ্ত মানি লৈ কণী খাবলৈ আৰম্ভ কৰে। কিন্তু কণী খাই থকাৰ সময়তে মাটিত বাগৰি অচেতন হৈ পৰে যুৱকজন।

লগে লগে স্থানীয় লোকে সুভাষক ভৰ্তি কৰায় জিলা হাস্পতালত। পিছত উন্নত চিকিৎসাৰ বাবে যুৱকজনক লক্ষ্ণৌৰ সঞ্জয় গান্ধী স্নাতকোত্তৰ আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানলৈ স্থানান্তৰ কৰা হয়। কিন্তু নিশা চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় সুভাষৰ। এই ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি