• Home
  • »
  • News
  • »
  • nation
  • »
  • Murder | পত্নীক ছুৰীৰে হানি–খুচি হত্যা, মাতৃক বচাবলৈ অহা কন্যাকো ছুৰিকাঘাত পিতৃৰ, তাৰ পিছতে ফোন কৰিলে ডায়েল ১০০ত!

Murder | পত্নীক ছুৰীৰে হানি–খুচি হত্যা, মাতৃক বচাবলৈ অহা কন্যাকো ছুৰিকাঘাত পিতৃৰ, তাৰ পিছতে ফোন কৰিলে ডায়েল ১০০ত!

representative image

representative image

দুবছৰ ধৰি লোকজনে কোনো কৰ্মসংস্থাপন নাপাই মানসিক অৱসাদত ভুগিছিল। তাৰ ফলতে মাজে সময়তে অশান্তিৰ সৃষ্টি হৈছিল।

  • Share this:
এক লোমহৰ্ষক হত্যাকাণ্ড। প্ৰথমে পত্নীক ছুৰিকাঘাত কৰি নৃশংসভাৱে হত্যা। তাৰ পিছত মাতৃক বচাবলৈ অহা কন্যাকো ছুৰিকাঘাত কৰিলে পিতৃয়ে। এই নৃশংস আক্ৰমণত ঘটনাস্থলীতে লোকজনৰ পত্নী নিহত হোৱাৰ লগতে হাস্পতালত মৃত্যুৰে যুঁজিছে কন্যাই। পত্নী–কন্যাক ছুৰিকাঘাত কৰি ডায়েল ১০০ত নিজেই ফোন কৰিলে হত্যাকাৰীয়ে। শনিবাৰে এই ঘটনা সংঘটিত হয় কলকাতাৰ ৰবীন্দ্ৰ সৰোবৰ থানাৰ অন্তৰ্গত ৩৩চি মনোহৰ পুখুৰী ৰোডৰ পুষ্পক এপাৰ্টমেণ্টত।

আৰক্ষী সূত্ৰই জনোৱা মতে, শনিবাৰে সন্ধিয়া চাৰে ৭ বজাত ডায়েল ১০০ত ফোন কৰি ৰবীন্দ্ৰ সৰোবৰ থানা অঞ্চলৰ ৩৩চি মনোহৰ পুখুৰী ৰোডৰ পুষ্পক এপাৰ্টমেণ্টৰ তৃতীয় মহলাৰ বাসিন্দা অৰবিন্দ বাজাজে জনায় যে তেওঁ পত্নী আৰু ১৮ বছৰীয়া কন্যাক হত্যা কৰিছে। লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। দুৱাৰ খুলি আৰক্ষীয়ে ৰক্তাক্ত অৱস্থাত মাতৃ–কন্যাক পৰি থকা প্ৰত্যক্ষ কৰে।

আৰক্ষীয়ে লোকজনৰ কন্যাক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে কাৰণ যুৱতীগৰাকীৰ মৃত্যু হোৱা নাছিল। কিন্তু অৰবিন্দৰ পত্নীৰ ইতিমধ্যেই মৃত্যু হৈছিল। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে। তাৰ পিছতে আৰক্ষীয়ে অভিযুক্ত অৰবিন্দক গ্ৰেপ্তাৰ কৰি কিয় এই ঘটনা সংঘটিত কৰিলে তাৰ জেৰা আৰম্ভ কৰিছে।

আৰক্ষীৰ সূত্ৰে জনা গৈছে, দুবছৰ ধৰি লোকজনে কোনো কৰ্মসংস্থাপন নাপাই মানসিক অৱসাদত ভুগিছিল। তাৰ ফলতে মাজে সময়তে অশান্তিৰ সৃষ্টি হৈছিল। আৰক্ষীয়ে জানিব পাৰিছে যে শনিবাৰে স্বামী–স্ত্ৰীৰ মাজত কোনো বিষয়ক লৈ তৰ্ক হৈছিল। ফলত খঙত অগ্নিশৰ্মা হৈ পত্নীক ছুৰীৰে হানি–খুচি হত্যা কৰে লোকজনে। মাতৃৰ চিত্‍কাৰ শুনি বচাবলৈ আগবাঢ়ি অহা কন্যাকো ছুৰিকাঘাত কৰে পিতৃয়ে। তাৰ পিছতে ১০০ত ফোন কৰে অৰবিন্দই। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি