জমেট’ই দিলে পনীৰৰ সলনি চিকেন! গ্ৰাহকৰ গোচৰত ৫৫হাজাৰ টকাৰ জৰিমনা বিহিলে কৰ্টে

উপভোক্তা আদালতত গ্ৰাহকজনে গোচৰ তৰাৰ পিছতে আদালতে এই টকা জৰিমনা দিবলৈ নিৰ্দেশ দিছে জমেট’ক।

news18
Updated:July 8, 2019, 2:27 PM IST
জমেট’ই দিলে পনীৰৰ সলনি চিকেন! গ্ৰাহকৰ গোচৰত ৫৫হাজাৰ টকাৰ জৰিমনা বিহিলে কৰ্টে
ফটোঃইণ্টাৰনেট
news18
Updated: July 8, 2019, 2:27 PM IST
এটা সৰু ভুলৰ কাৰণে ডেলিভাৰী চাৰ্ভিছ জ’মেট’ই ভৰিব লগা হ’ল ৫৫০০০টকাৰ জৰিমনা। এজন নিৰামিষাহাৰী গ্ৰাহকে অৰ্ডাৰ দিছিল পনীৰৰ। সঠিক সময়ত ডেলিভাৰীও পালে। পিছে নিৰামিষাহাৰী গ্ৰাহকে খাদ্যৰ টোপোলা খুলি চাই হতভম্ব। পনীৰৰ ঠাইত ডেলিভাৰী দিছে ‘চিকেন’। জ’মেট’–এ যোগান ধৰিছিল এই খাদ্য। ফলত? ভৰিবলগীয়া হ’ল ৫৫,০০০ টকা। ঘটনাটি মহাৰাষ্ট্ৰৰ পুনে’ৰ। ক্ষুব্ধ গ্ৰাহকজনে উপভোক্তা আদালতত গোচৰ তৰাত জ’মেট’ আৰু খাদ্য প্ৰেৰণ কৰা প্ৰতিষ্ঠানে লগলাগি গ্ৰাহকক দিবলগীয়া হ’ল ৫৫০০০ টকা। এই ধন পৰিশোধ কৰাৰ নিৰ্দেশ দিছে পুনেৰ এখন উপভোক্তা আদালতে।

প্ৰাপ্ত তথ্য অনুসৰি, পুনে’ৰ সন্মুখ দেশমুখ নামৰ এগৰাকী অধিবক্তাক ৪৫ দিনৰ ভিতৰত এই ধন পৰিশোধ কৰিব লাগিব জ’মেট’ আৰু সংশ্লিষ্ট খাদ্য প্ৰতিষ্ঠানখনে।

উল্লেখ্য যে লোকগৰাকীয়ে পনীৰ বাটাৰ মচলা অৰ্ডাৰ কৰিছিল যদিও বাটাৰ চিকেন প্ৰেৰণ কৰিছিল খাদ্য় প্ৰতিষ্ঠানখনে।

উপভোক্তা সুৰক্ষাক লৈ সচেতন অধিবক্তা গৰাকীৰ এই কাৰ্যক বহুতেই প্ৰশংসা কৰিছে  যদিও খাদ্য যোগান সেৱা প্ৰতিষ্ঠান জমেট’ৰ মতে লোকগৰাকীয়ে পৰিশোধ কৰা মূল্য তেওঁক ওভতাই দিয়াৰ পিছতো জমেট’ৰ মান লোকচক্ষুত হেয় প্ৰতিপন্ন কৰিবৰ বাবেই তেওঁ এই সামান্য কথাটো আদালতলৈ লৈ যায়।

যদিও জমেট’ৱে এই ঘটনাটোৰ বাবে খাদ্য প্ৰতিষ্ঠানক দোষাৰোপ কৰিছে, তথাপি উপভোক্তা আদালতে দুয়োপক্ষকে সমানে দোষী সাব্যস্ত কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি