ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ তথা উদ্যোগপতি মুকেশ আম্বানীক পুনৰ এবাৰ ভাবুকি। দুষ্কৃতিকাৰীয়ে ৭–৮ বাৰ ফোন কৰি ৰিলায়েঞ্চ ফাউণ্ডেচন হাস্পতাললৈ ভাবুকি ভৰা ফোনকল কৰিছিল। অজ্ঞাত নম্বৰৰ পৰা ৰিলায়েঞ্চ ফাউণ্ডেচন হাস্পতাললৈ ফোন কৰি দুৰ্বৃত্তই কয় যে তেওঁ ১ নম্বৰ সন্ত্ৰাসবাদী আৰু তেওঁ মুকেশ আম্বানীক মাৰিবলৈ গৈ আছে। তেওঁ এনআইএ, এটিএছ আৰু মুম্বাই আৰক্ষীকো আপত্তিজনক শব্দৰে গালি দিয়ে। লগতে তেওঁ কৈছিল যে তেওঁ সকলোকে দেখুৱাই দিব। এই ঘটনাৰ পিছতে হাস্পতাল প্ৰশাসনে ডি বি মাৰ্গ আৰক্ষী থানাত অভিযোগ দাখিল কৰে।
News18ক এক সূত্ৰই জনোৱা অনুসৰি, লোকজনে এবাৰ দুবাৰ নহয়, ৮ বাৰকৈ হাস্পতালখনলৈ ফোন কৰিছিল। বৰ্তমান আৰক্ষীয়ে এই কলৰ তদন্ত কৰি ছে। ফোন কৰা লোকজনে কয় যে তেওঁৰ নাম আফজল। মুকেশ আম্বানী আৰু তেওঁৰ পত্নীক আজি পুৱা দেশৰ স্বাধীনতা দিৱস পালন কৰা দেখা গৈছিল আৰু তাৰ ভিডিঅ’ও পোহৰলৈ আহিছে। তাৰ পিছতে এই ভাবুকিৰ খবৰ প্ৰকাশ পাইছে।
ফোন কৰা লোকজন কোন আৰু কিয় এয়া কৰিছে, তাৰ তথ্য আৰক্ষীৰ তদন্তৰ অন্ততহে জানিব পৰা যাব। বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এজনক আটক কৰা হৈছে। যিটো নম্বৰৰ পৰা ভাবুকিভৰা ফোন কল আহিছিল, তাৰ তদন্ত কৰি থকা হৈছে। মুম্বাই আৰক্ষীৰ এটা দলে এতিয়া আণ্টিলিয়াত উপস্থিত হৈছে। তীক্ষ্ণ নজৰত ৰখা হৈছে অঞ্চলটো।
আৰক্ষীৰ মতে, ভাবুকি দিয়া, প্ৰাণে মৰাৰ ভাবুকি, অভদ্ৰ ভাষা ব্যৱহাৰ কৰাৰ গোচৰ ৰুজু কৰা হৈছে। দুষ্কৃতিকাৰীয়ে এটা কথা বাৰে বাৰে কৈছিল, তেওঁ ফোনত কৈছিল যে মই আম্বানী পৰিয়ালক মাৰিবলৈ গৈ আছো। আৰক্ষীয়ে ফোন কলৰ ৰেকৰ্ড শুনিছে। তাৰ আধাৰতে আৰক্ষীয়ে প্ৰাৰম্ভিক অনুমান কৰিছে যে লোকজন মানসিকভাৱে অসুস্থ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|