প্ৰেমিকাক লগ পাবলৈ যোৱা যুৱকক হাত–ভৰি বান্ধি জ্বলাই দিলে পৰিয়ালে, পুত্ৰশোকত প্ৰাণ গ’ল মাতৃৰো

৬ বছৰ পূৰ্বে যুৱতীগৰাকীক পলুৱাই নিছিল মনুৱে। কিন্তু পৰিয়ালৰ লোকে যুৱতীগৰাকীক বিচাৰি ঘৰলৈ ওভতাই আনিছিল।

News18-Assam
Updated:September 17, 2019, 3:15 PM IST
প্ৰেমিকাক লগ পাবলৈ যোৱা যুৱকক হাত–ভৰি বান্ধি জ্বলাই দিলে পৰিয়ালে, পুত্ৰশোকত প্ৰাণ গ’ল মাতৃৰো
৬ বছৰ পূৰ্বে যুৱতীগৰাকীক পলুৱাই নিছিল মনুৱে। কিন্তু পৰিয়ালৰ লোকে যুৱতীগৰাকীক বিচাৰি ঘৰলৈ ওভতাই আনিছিল।
News18-Assam
Updated: September 17, 2019, 3:15 PM IST
উত্তৰ প্ৰদেশৰ হৰদই জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। কোতৱালী চহৰ অঞ্চলৰ ভদৈচা গাঁৱত প্ৰেমিকাক লগ পাবলৈ যোৱা এজন যুৱকক হাত–ভৰি বান্ধি জীৱন্তে জ্বলাই দিলে যুৱতীৰ পৰিয়ালে। ৫০ শতাংশ অগ্নিদগ্ধ যুৱকজনৰ হাস্পতালত মৃত্যু হয়। পুত্ৰৰ মৃত্যুৰ খবৰ শুনাৰ পিছতে শোকত দগ্ধ হৈ মৃত্যু হয় যুৱকজনৰ মাতৃৰো। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে যুৱতীগৰাকীৰ লগতে পৰিয়ালৰ আন দুজনক গ্ৰেপ্তাৰ কৰিছে।

শনিবাৰে নিশা মনু নামৰ যুৱকজনে প্ৰেমিকাক লগ পাবলৈ ঘৰলৈ গৈছিল। ঘৰ পোৱাৰ পিছতে যুৱতীগৰাকীৰ পৰিয়ালে যুৱকজনক আবদ্ধ কৰে। তাৰ পিছত সকলোৱে মিলি মনুক হাত–ভৰি বান্ধি জ্বলাই দিয়ে। মনুৰ মৰণকাতৰ চিঞৰ শুনি স্থানীয় লোকে ডায়েল ১০০ত খবৰ দিয়ে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মনুক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰায় যদিও হাস্পতালত মৃত্যুক সাবটি লয় যুৱকজনে। পুত্ৰৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে হাস্পতালত চিকিৎসাধীন হৈ থকা ৰুগীয়া মাতৃৰো মৃত্যু হয়।

উল্লেখযোগ্য যে ৬ বছৰ পূৰ্বে যুৱতীগৰাকীক পলুৱাই নিছিল মনুৱে। কিন্তু পৰিয়ালৰ লোকে যুৱতীগৰাকীক বিচাৰি ঘৰলৈ ওভতাই আনিছিল। শনিবাৰে নিশা মনুৱে প্ৰেমিকাক লগ পাবৰ বাবে যোৱাৰ সময়তে পৰিয়ালৰ লোকে দেখা পায়। তাৰ পিছতে মনুক ধৰি জীৱন্তে জ্বলাই দিয়ে পৰিয়ালটোৱে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি