ছচিয়েল মিডিয়াত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিবাহ বিচ্ছেদৰ বাতৰি বিয়পোৱা ব্যক্তিৰ বিৰুদ্ধে গোচৰ

উৰা বাতৰি বিয়পোৱা সকলক বৰ্জন কৰিবলৈ উষ্মাৰে আহ্বান জনাইছিল নীতি দেৱে।

news18
Updated:April 27, 2019, 9:48 AM IST
ছচিয়েল মিডিয়াত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিবাহ বিচ্ছেদৰ বাতৰি বিয়পোৱা ব্যক্তিৰ বিৰুদ্ধে গোচৰ
ফটোঃফেচবুক
news18
Updated: April 27, 2019, 9:48 AM IST
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ পত্নীৰ সন্দৰ্ভত ছচিয়েল মিডিয়াত দিয়া এটা পষ্টক লৈ এজন ব্যক্তিৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে ত্ৰিপুৰা আৰক্ষীয়ে।

অনুপম প’ল নামৰ এই ব্যক্তিজনে ফেচবুকত পষ্ট দিছিল যে বিপ্লৱ দেৱৰ পত্নীয়ে দিল্লীৰ তিছ হাজাৰী কৰ্টত বিবাহ বিচ্ছেদৰ বাবে আৱেদন কৰিছিল। বৃহস্পতিবাৰে এই পষ্ট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।



ইয়াৰ পিছতে নীতি দেৱে ক্ষুব্ধ হৈ ফেচবুকত এইবোৰক উৰা বাতৰি আখ্যা দিছিল। তেওঁৰ ইমেজ নষ্ট কৰিবলৈ এইবোৰ কৰাৰ অভিযোগ কৰি নীতি দেৱে ৰাইজক এই কথা বিশ্বাস নকৰিবলৈ আহ্বান জনাইছিল।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ পত্নী দিল্লীত ষ্টেট বেংকৰ এগৰাকী বিষয়া। দুয়োৰে এটি কন্যা সন্তান আৰু এটা পুত্ৰ সন্তান আছে।

অধিবক্তা অশ্বিনী ঝাই ভাইৰেল হোৱা বিবাহ বিচ্ছেদৰ কেছ নাম্বাৰটো সন্দৰ্ভত কয় যে এই বিবাহ বিচ্ছেদৰ গোচৰ অন্য এজন ব্যক্তিৰহে আৰু ইয়াৰ সৈতে মুখ্যমন্ত্ৰী অথবা তেওঁৰ পত্নীৰ কোনো সম্বন্ধ নাই।

ত্ৰিপুৰাৰ ডিআইজি অনুপম নাথে জনোৱা মতে আগৰতলাৰ এগৰাকী ব্যক্তিয়ে প’লৰ বিৰুদ্ধে আগৰতলা থানাত গোচৰ ৰুজু কৰিছে, তেওঁৰ বিৰুদ্ধে ঠগ, মানহানি আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ পূৰ্বেও অনুপম প’লে প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ বিৰুদ্ধে ২০১৮চনৰ বিধানসভা নিৰ্বাচনৰ আগত আপত্তিজনক বিষয় ছচিয়েল মিডিয়াত দিছিল। এই বিষয়ক লৈ বিপ্লৱ দেৱে কোনো মন্তব্য কৰা নাই।
আৰু চাওক পৰৱৰ্তী বাতৰি