বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰমান মালিকৰ ৰূপত মহিলাক ব্লেকমেইল ছচিয়েল মিডিয়াত, এনেকৈ হ’ল গ্ৰেপ্তাৰ

আৰক্ষীয়ে জনোৱা মতে গ্ৰেপ্তাৰ হোৱা লোকজনে ছচিয়েল মিডিয়াৰ জৰিয়তে মহিলাৰ লগত বন্ধুত্ব গঢ়া তেওঁলোকক ব্লেকমেইল কৰিছিল

news18assam
Updated:May 30, 2019, 1:55 PM IST
বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰমান মালিকৰ ৰূপত মহিলাক ব্লেকমেইল ছচিয়েল মিডিয়াত, এনেকৈ হ’ল গ্ৰেপ্তাৰ
আৰক্ষীয়ে জনোৱা মতে গ্ৰেপ্তাৰ হোৱা লোকজনে ছচিয়েল মিডিয়াৰ জৰিয়তে মহিলাৰ লগত বন্ধুত্ব গঢ়া তেওঁলোকক ব্লেকমেইল কৰিছিল
news18assam
Updated: May 30, 2019, 1:55 PM IST
ছচিয়েল মিডিয়াত বলীউডৰ কণ্ঠশিল্পী আৰমান মালিকৰ ৰূপত মহিলাসকলৰ লগতে বন্ধুত্ব কৰা এজন লোকক বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে গ্ৰেপ্তাৰ হোৱা লোকজন ছচিয়েল মিডিয়াৰ জৰিয়তে বন্ধুত্ব গঢ়ি তেওঁলোকক ব্লেকমেইল কৰে।

ফেচবুক আৰু হোৱাটছ এপৰ জৰিয়তে মহিলাৰ সৈতে বলীউডৰ কণ্ঠশিল্পী ৰূপত চিনাকী হোৱাৰ অভিযোগ উত্থাপন হৈছে তামিলনাডুৰ বিল্লুপুৰম জিলাৰ ৩০ বছৰীয়া মহেন্দ্ৰ বৰ্মনৰ বিৰুদ্ধে। বন্ধুত্বৰ সম্বন্ধ গঢ়ি উঠাৰ পিছত অভিযুক্ত মহেন্দ্ৰই মহিলাৰ ব্যক্তিগত ফটো বিচাৰে। ফটো পোৱাৰ পিছত সেইসমূহ ফটোৰ জৰিয়তে মহিলাকসকলক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰে। আৰক্ষীয়ে জনোৱা মতে অভিযুক্তই মহিলাৰ ফটো ভাইৰেল কৰাৰ ভাবুকিৰে তেওঁলোকৰ পৰা ধন দাবী কৰে।

এগৰাকী মহিলাৰ অভিযোগত জিলাৰ CBI–এ লোকজনক আটক কৰিবলৈ প্লেন প্ৰস্তুত কৰিলে। আৰক্ষীয়ে তৈয়াৰ কৰা প্লেন অনুসৰি লোকজনক দাবী কৰা ধন লোৱাৰ চলেৰে মাতি পঠিয়াই। আৰক্ষীয়ে জনোৱা মতে অভিযুক্তই যেতিয়া সেই স্থানত উপস্থিত হয় আৰু ব্লেকমেইল কৰা মহিলাগৰাকীৰ লগত কথা পাতি থকাৰ মাজতে গ্ৰেপ্তাৰ কৰে লোকজন।
আৰু চাওক পৰৱৰ্তী বাতৰি