ঘৰৰ বাহিৰত প্ৰস্ৰাৱ কৰাত বাধা প্ৰদান কৰি শোধালে চৰ, হত্যা কৰি ল’লে প্ৰতিশোধ

দেশৰ ৰাজধানী দিল্লীৰ গোবিন্দ পুৰীত ঘৰৰ বাহিৰত প্ৰস্ৰাৱ কৰাত বাধা প্ৰদান কৰি চৰ শোধোৱা ঘৰৰ মালিকক চিমেণ্টৰ স্লেবেৰে আক্ৰমণ কৰি হত্যা কৰে।

news18assam
Updated:June 4, 2019, 12:59 PM IST
ঘৰৰ বাহিৰত প্ৰস্ৰাৱ কৰাত বাধা প্ৰদান কৰি শোধালে চৰ, হত্যা কৰি ল’লে প্ৰতিশোধ
দেশৰ ৰাজধানী দিল্লীৰ গোবিন্দ পুৰীত ঘৰৰ বাহিৰত প্ৰস্ৰাৱ কৰাত বাধা প্ৰদান কৰি চৰ শোধোৱা ঘৰৰ মালিকক চিমেণ্টৰ স্লেবেৰে আক্ৰমণ কৰি হত্যা কৰে।
news18assam
Updated: June 4, 2019, 12:59 PM IST
দেশৰ ৰাজধানী দিল্লীৰ গোবিন্দ পুৰীত ঘৰৰ বাহিৰত প্ৰস্ৰাৱ কৰাত বাধা প্ৰদান কৰি চৰ শোধোৱা ঘৰৰ মালিকক চিমেণ্টৰ স্লেবেৰে আক্ৰমণ কৰি হত্যা কৰে। আৰক্ষীয়ে জনোৱা মতে মৃত লোকজন নেহৰু কেম্প ঝুগ্গীৰ লীলু।

আৰক্ষীৰ মতে মান সিং নামৰ লোকজনে লীলুৰ ঘৰৰ বাহিৰত প্ৰস্ৰাৱ কৰি আছিল। এই সন্দৰ্ভত লীলু আপত্তি দৰ্শোৱাত সিঙক শোধালে চৰ। ইয়াৰ পিছত চৰ খোৱা সিঙৰ পুত্ৰ ৰবি আৰু নীলকমল ঘটনাস্থলীত উপস্থিত হয় লীলুক চিমেণ্টৰ স্লেবেৰে আক্ৰমণ কৰে।

আহত লোকজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

মৃত লীলুৰ ভাতৃ সঞ্জয়ে ক’লে যে সোমবাৰে প্ৰায় ১২.১৫ বজাত নেহৰু কেম্পৰ সমীপত থকা এটা ৰাজহুৱা স্নানগৃহৰ পৰা স্নান কৰি ঘৰলৈ উভতিছিল। তেতিয়া তেওঁ দেখিলে যে, ৰবি, নীল কমল, তেওঁৰ পিতৃ মান সিং আৰু মীৰা লীলুক মাৰধৰ কৰি আছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি