খুড়ীয়েকৰ সৈতে অবৈধ সম্পৰ্ক ভতিজাৰ,  আপত্তিজনক অৱস্থাত হাতে লোটে ধৰা পেলালে খুড়াকে, আৰক্ষীয়ে কৰিলে আটক

News18 Assam | News18-Assam
Updated:January 16, 2021, 2:10 PM IST
খুড়ীয়েকৰ সৈতে অবৈধ সম্পৰ্ক ভতিজাৰ,  আপত্তিজনক অৱস্থাত হাতে লোটে ধৰা পেলালে খুড়াকে, আৰক্ষীয়ে কৰিলে আটক
Source-Google

সঁচাকৈ কোন দিশে মানৱতা? সংঘটিত হৈছে ভয়ংকৰ ঘটনা।

  • Share this:
সঁচাকৈ কোন দিশে মানৱতা? সংঘটিত হৈছে ভয়ংকৰ ঘটনা। নিজৰ খুড়ীয়েকৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰিবলৈ গৈ খুড়াকক হত্যাৰ চেষ্টা চলালে এজন যুৱকে। এই ঘটনাটো সংঘটিত হৈছে ঝাৰখণ্ডৰ ৰাঁচীত।

জানিব পৰা মতে, ৰাধেশ্যাম আৰু তেওঁৰ পত্নী কৰ্মসূত্ৰে ঘৰৰ পৰা আঁতৰি ৰাঁচীত বাস কৰে। প্ৰথম অৱস্থাত দুয়োৰে মাজত সম্পৰ্ক ঠিকেই আছিল যদিও পঢ়াৰ উদ্দেশ্যে ৰাধেশ্য়ামৰ ভতিজাক তেওঁলোকৰ ঘৰত থাকিবলৈ লোৱাৰ পিছৰে পৰাই সকলো খেলিমেলি হয় যায়।

শ্যামৰ ভতিজাক পঢ়াৰ উদ্দেশ্যে ঘৰৰ পৰা আঁতৰি তেওঁলোকৰ ঘৰতে থাকিবলৈ লোৱাৰ পিছৰে পৰা ৰাধেশ্যামৰ পত্নী তথা যুৱকজনৰ খুড়ীয়েকে বিভিন্ন উপায়েৰে যুৱকজনক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰে। প্ৰথম অৱস্থাত যুৱকজনে খুড়ীয়েকৰ প্ৰস্তাৱ মানি লোৱা নাছিল যদিও পিছলৈ দুয়োৰে মাজত গঢ়ি উঠে অবৈধ সম্পৰ্ক। আৰু এদিন দুয়োকে আপত্তিজনক অৱস্থাত দেখে ৰাধেশ্যামে।

আৰু তেতিয়াই ৰাধেশ্যামক খুড়ীয়েকৰ সৈতে লগ লৈ আক্ৰমণৰ চেষ্টা কৰে যুৱকজনে। পিছত ঘটনাৰ সন্দৰ্ভত স্থানীয় লোকে জানিব পাৰি আৰক্ষীক খবৰ দিয়ে। আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় খুড়ীয়েকৰ লগতে যুবকজনক আটক কৰে। এই ঘটনাই এতিয়া সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Published by: Himangshu Bhuyan
First published: January 16, 2021, 1:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি