News18ৰ ষ্টুডিঅ’ত পত্নীক হত্যাৰ কথা স্বীকাৰ! LIVE চলি থাকোতে আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

News18 Assam | News18-Assam
Updated:January 17, 2020, 3:49 PM IST
News18ৰ ষ্টুডিঅ’ত পত্নীক হত্যাৰ কথা স্বীকাৰ! LIVE চলি থাকোতে আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ
পোনপটীয়া সম্প্ৰচাৰৰ পৰাই পুলিচে গ্ৰেপ্তাৰ কৰিলে হত্যাকাৰীক।

পোনপটীয়া সম্প্ৰচাৰৰ পৰাই পুলিচে গ্ৰেপ্তাৰ কৰিলে হত্যাকাৰীক।

  • Share this:
৩১ ডিচেম্বৰৰ নিশা এগৰাকী মহিলাক নৃশংস ভাৱে হত্যা কৰা এজন অপৰাধীক বিচাৰি আছিল চণ্ডীগড় আৰক্ষীয়ে । তেনেতে হঠাৎ যোৱা মঙলবাৰে হত্যাকাৰীয়ে আত্মপ্ৰকাশ কৰিলে নিউজ18 পাঞ্জাৱৰ টেলিভিছন চেনেলৰ ষ্টুডিঅ’ত আৰু সেই সময়ত চলি থকা পোনপটীয়া অনুষ্ঠানত অকপটে স্বীকাৰ কৰিলে হত্যাৰ কথা।  চেনেলটোৱে লগে লগে যোগাযোগ কৰিলে আৰক্ষীক আৰু আৰক্ষীয়ে ষ্টুডিঅ’ৰ পৰা উঠাই নিলে হত্যাকাৰীটোক । বৃহস্পতি বাৰে সংবাদ মাধ্যমক চণ্ডীগড় আৰক্ষীয়ে সদৰি কৰে এই ঘটনা ।

মনিন্দৰ সিং নামৰ এই হত্যাকাৰীটোৱে মোহালিৰ এখন ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত ২৭ বছৰীয়া সৰবজিত কৌৰ নামৰ এগৰাকী নাৰ্ছক ৩১ ডিচেম্বৰৰ দিনা হত্যা কৰিছিল ।

কেৱল সৰবজিতেই নহয় ২০১০ চনত ৩১ বছৰীয়া মনিন্দৰে হাৰিয়ানাৰ কৰ্ণালত আন এটা হত্যা কৰা বুলিও পোনপটীয়া সম্প্ৰচাৰত স্বীকাৰ কৰে ।

মনিন্দৰে মহিলা গৰাকীক বিয়া পাতিব বিচাৰিছিল আৰু মহিলা গৰাকীয়েও সন্মতি জনাইছল; কিন্তু পৰিয়ালৰ লোকে সন্মতি প্ৰদান কৰা নাছিল; এই কথা জনাই স্বয়ং মনিন্দৰে । কিন্তু পাছত মহিলা গৰাকীয়ে আন কোনো পুৰুষৰে সম্বন্ধ গঢ়াৰ সন্দেহ কৰি হত্যা কৰা বুলিও পোনপটীয়া সম্প্ৰচাৰত কয় মনিন্দৰে ।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি