হাতত চোকা অস্ত্ৰ লৈ সংসদ ভৱনত প্ৰৱেশৰ চেষ্টা যুৱকৰ

কি কাৰণত যুৱকজনে চোকা অস্ত্ৰ লৈ সংসদ ভৱনত প্ৰৱেশৰ চেষ্টা চলাইছিল সেয়া তদন্ততহে পোহৰলৈ আহিব।

News18-Assam
Updated:September 2, 2019, 12:13 PM IST
হাতত চোকা অস্ত্ৰ লৈ সংসদ ভৱনত প্ৰৱেশৰ চেষ্টা যুৱকৰ
PHOTO : ANI
News18-Assam
Updated: September 2, 2019, 12:13 PM IST
ৰাজধানী দিল্লীৰ সংসদ চৌহদত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। হাতত চোকা অস্ত্ৰ লৈ সংসদ ভৱনত প্ৰৱেশৰ চেষ্টা এজন যুৱকৰ। সেই স্থানত নিয়োজিত নিৰাপত্তাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক। গ্ৰেপ্তাৰ হোৱা যুৱকজনৰ নাম সাগৰ বুলি জানিব পৰা গৈছে। বাইকেৰে সংসদ ভৱনলৈ আহিছিল যুৱকজনক। বাইক ৰখাই সংসদ ভৱনৰ ১নং গে’টেৰে ভিতৰত প্ৰৱেশৰ চেষ্টা কৰে যুৱকজনে।

জানিব পৰা মতে, যুৱকজন পূব দিল্লীস্থিত লক্ষ্মীনগৰৰ বাসিন্দা। পেৰা মিলিটেৰী ফ’ৰ্চে যুৱকজনক কৰায়ত্ত কৰাৰ পিছতে দিল্লী আৰক্ষী আৰু আন নিৰাপত্তা সংস্থাক খবৰ দিয়া হয়। তাৰ পিছতে যুৱকজনক সংসদ মাৰ্গ থানালৈ লৈ যোৱা হয়। দিল্লী আৰক্ষীয়ে যুৱকজনৰ জেৰা আৰম্ভ কৰিছে। যুৱকজন অহা বাইকখনো জব্দ কৰিছে আৰক্ষীয়ে।


গ্ৰেপ্তাৰ হোৱা যুৱকজনে নিজকে ৰাম ৰহিমৰ সমৰ্থক বুলি প্ৰকাশ কৰে। কি কাৰণত যুৱকজনে চোকা অস্ত্ৰ লৈ সংসদ ভৱনত প্ৰৱেশৰ চেষ্টা চলাইছিল সেয়া তদন্ততহে পোহৰলৈ আহিব।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি