পত্নীয়ে ৩০০টা অশ্লীল টিকটক ভিডিও নিৰ্মাণ কৰাৰ অভিযোগ আনিছিল স্বামীয়ে
পত্নীয়ে ৩০০টা অশ্লীল টিকটক ভিডিও নিৰ্মাণ কৰাৰ অভিযোগ আনিছিল স্বামীয়ে
পত্নীৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলোৱাৰ অভিযোগত অভিযুক্ত এজন ব্যক্তিৰ অগ্ৰিম জামিন নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে। অভিযুক্ত স্বামীয়ে দাবী কৰিছিল যে, তেওঁৰ পত্নীয়ে টিকটকত ৩০০টা অশ্লীল ভিডিও নিৰ্মাণ কৰিছে। কিন্তু এই গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে অগ্ৰাহ্য কৰে লোকজনৰ জামিন আবেদন। লগতে উচ্চতম ন্যায়ালয়ে কয় যে, পত্নীয়ে টিকটকত অশ্লীল ভিডিও(কথিত) প্ৰস্তুত কৰিলেও স্বামীয়ে তেওঁৰ ওপৰত অত্যাচাৰ চলাব নোৱাৰিব।
মুখ্য ন্যায়াধীশ এছ.এ. বোবডেৰ নেতৃত্বত আৰু ন্যায়াধীশ এ.এছ. বোপান্না আৰু ভি ৰামসুব্ৰমনিয়নক লৈ গঠিত এখন বিচাৰপীঠে শুকুৰবাৰে আবেদনকাৰীৰ পৰামৰ্শদাতাক কৈছিল যে ,তেখেতৰ ক্লায়েণ্ট এজন নিষ্ঠুৰ ব্যক্তি আৰু তেওঁ আদালতৰ পৰা কোনো সহায় আশা কৰিব নালাগে।
উল্লেখ্য যে, ৰাজস্থানৰ ব্যক্তিজনে টিকটকত পত্নীয়ে অশ্লীল ভিডিও নিৰ্মাণ কৰাৰ অভিযোগ তুলি শাৰীৰিক অত্যাচাৰ চলাইছিল। স্বামীৰ অত্যাচাৰত অতিষ্ঠ হৈ পত্নীয়ে দাখিল কৰিছিল এজাহাৰ। পিছত পত্নীয়ে দাখিল কৰা এজাহাৰত অগ্ৰিম জামিন বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল স্বামীয়ে। কিন্তু উচ্চতম ন্যায়ালতে নাকচ কৰে লোকজনৰ জামিন আবেদন।
আদালতে কয় যে, 'পত্নীৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলোৱা উচিত নহয়। যদি পত্নীয়ে তেনে কাম কৰিছে, তথাপিও দুৰ্ব্যবহাৰ কৰিব নোৱাৰিব।যদি আপুনি তেখেতৰ সৈতে থাকিব বিচৰা নাই তেন্তে আপুনি বিবাহ বিচ্ছেদ কৰক, নিষ্ঠুৰতাৰ কোনো প্ৰয়োজন নাই।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|