দিল্লীত মোদীৰ শপতগ্ৰহণ, পশ্চিম বংগত ধৰ্ণাত বহিব মমতা

News18-Assam
Updated:May 30, 2019, 9:59 AM IST
দিল্লীত মোদীৰ শপতগ্ৰহণ, পশ্চিম বংগত ধৰ্ণাত বহিব মমতা
মমতাই নিজৰ ৰাজ্যত সংঘটিত হিংসাত্মক ঘটনাত গৃহহাৰা হোৱা লোক আৰু তৃণমূল কৰ্মীৰ ওপৰত অত্যাচাৰৰ কথা কৈ ধৰ্ণাত বহিব।

মমতাই নিজৰ ৰাজ্যত সংঘটিত হিংসাত্মক ঘটনাত গৃহহাৰা হোৱা লোক আৰু তৃণমূল কৰ্মীৰ ওপৰত অত্যাচাৰৰ কথা কৈ ধৰ্ণাত বহিব।

  • Share this:
প্ৰধানমন্ত্ৰী মোদীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ নগৈ পশ্চিম বংগত ধৰ্ণাত বহিব তৃণমূলৰ মুৰব্বী মমতা বেনাৰ্জী। প্ৰথমে মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ কথা আছিল মমতাৰ। কিন্তু পশ্চিম বংগৰ হিংসাত্মক ঘটনাক লৈ বিজেপিয়ে কৰা অভিযোগত ক্ষুব্ধ মমতা। সেয়েহে মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকে মমতা বেনাৰ্জী। শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ পৰিৱৰ্তে পশ্চিম বংগৰ ২৪ পৰগনাৰ নৌহাটীত ধৰ্ণাত বহিব মুখ্যমন্ত্ৰীগৰাকী। তৃণমূলৰ কৰ্মীৰ ওপৰত অত্যাচাৰৰ বিৰোধিতাৰে মমতাই ধৰ্ণাত বহিব বুলি জানিব পৰা গৈছে। 

লোকসভা নিৰ্বাচনত সন্তোষজনক ফলাফল নাপালেও মৌন হৈ থকা নাই মমতা। এতিয়া মমতাই নিজৰ ৰাজ্যত সংঘটিত হিংসাত্মক ঘটনাত গৃহহাৰা হোৱা লোক আৰু তৃণমূল কৰ্মীৰ ওপৰত অত্যাচাৰৰ কথা কৈ ধৰ্ণাত বহিব। উল্লেখযোগ্য যে প্ৰথমে মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিম বুলি কোৱা মমতা বেনাৰ্জীয়ে পিছত সিদ্ধান্ত সলনি কৰিছিল। মোদীলৈ পত্ৰ লিখি শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰাৰ কথা জনাইছিল মমতাই। কাৰণ হিচাপে মমতাই উল্লেখ কৰিছিল যে পশ্চিম বংগত ৰাজনৈতিক হিংসাত বিজেপিৰ ৫৪ গৰাকী কৰ্মীৰ মৃত্যু হোৱা বুলি বিজেপিয়ে কৰা অভিযোগ মিছা। সেয়েহে মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ অস্বীকাৰ কৰিছিল তৃণমূলৰ মুৰব্বীগৰাকীয়ে।
First published: May 30, 2019, 9:59 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading