ক্ষুব্ধ মমতাই পশ্চিম বংগত নিষিদ্ধ কৰিলে বিজেপিৰ বিজয়োৎসৱ

মমতাই কয় – লোকসভা নিৰ্বাচনৰ ফলাফল ওলোৱা ১০ দিন হৈ গ’ল, এনে সময়ত যদি কোনোৱে সংঘাতৰ সৃষ্টি কৰিব বিচাৰে তেন্তে আৰক্ষীয়ে আইন অনুসৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিব।

news18assam
Updated:June 7, 2019, 9:32 AM IST
ক্ষুব্ধ মমতাই পশ্চিম বংগত নিষিদ্ধ কৰিলে বিজেপিৰ বিজয়োৎসৱ
মমতাই কয় – লোকসভা নিৰ্বাচনৰ ফলাফল ওলোৱা ১০ দিন হৈ গ’ল, এনে সময়ত যদি কোনোৱে সংঘাতৰ সৃষ্টি কৰিব বিচাৰে তেন্তে আৰক্ষীয়ে আইন অনুসৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিব।
news18assam
Updated: June 7, 2019, 9:32 AM IST
লোকসভা নিৰ্বাচনত বিজেপিৰ ঐতিহাসিক বিজয়ৰ পিছৰে পৰা পশ্চিম বংগত অব্যাহত আছে ৰাজনৈতিক সংকট। ৰাজ্যখনত হিংসা বিয়পোৱাৰ অভিযোগত তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপিৰ বিজয়োৎসৱ নিষিদ্ধ কৰিছে। বিজেপিৰ বিজয় উৎসৱৰ অনুমতি প্ৰদান নকৰে মমতা বেনাৰ্জীয়ে। লগতে নিৰ্দেশ অমান্য কৰাসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ আৰক্ষীক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

২৪ পৰগনা জিলাত নিহত তৃণমূল কৰ্মী নিৰ্মল কুণ্ডুৰ বাসগৃহত উপস্থিত হৈ মমতা বেনাৰ্জীয়ে কয় যে বিজেপিয়ে বিজয়োৎসৱৰ নামত হুগলী, বাংকুৰা, পুৰুলিয়া আৰু মিদনাপুৰত হিংসাত্মক ঘটনা সংঘটিত কৰা বুলি জানিব পৰা গৈছে। এতিয়া কোনো ধৰণৰ বিজয়োৎসৱ পালন কৰিবলৈ দিয়া নহ’ব। মমতাই কয় – লোকসভা নিৰ্বাচনৰ ফলাফল ওলোৱা ১০ দিন হৈ গ’ল, এনে সময়ত যদি কোনোৱে সংঘাতৰ সৃষ্টি কৰিব বিচাৰে তেন্তে আৰক্ষীয়ে আইন অনুসৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিব।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ২০১৪ চনত যেতিয়া লোকসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছে যৌথভাৱে কেইবাখনো আসনত বিজয় সাব্যস্ত কৰিছিল তেতিয়া হিংসাত্মক ঘটনা সংঘটিত হোৱা নাছিল। কিন্তু এতিয়া বিজেপিৰ আসন বৃদ্ধি পোৱাত হিংসাত্মক ঘটনাৰ অন্ত নপৰা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি