প্ৰধানমন্ত্ৰী মোদীক সাক্ষাতৰ পূৰ্বে মমতা বেনাৰ্জীয়ে তৃণমূল কংগ্ৰেছৰ সাংসদৰ সৈতে দিল্লীত বৈঠকত বহে।
প্ৰধানমন্ত্ৰী মোদীক সাক্ষাতৰ পূৰ্বে মমতা বেনাৰ্জীয়ে তৃণমূল কংগ্ৰেছৰ সাংসদৰ সৈতে দিল্লীত বৈঠকত বহে।
আজি প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। প্ৰধানমন্ত্ৰীৰ বাসগৃহত মোদীৰ সৈতে প্ৰায় এঘণ্টা ধৰি আলোচনাত বহিল মমতা বেনাৰ্জী। কোৱা হৈছে যে এই আলোচনা কালত মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে জি এছ টিকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকী ৭ আগষ্টত নীতি আয়োগৰ বৈঠকত অংশগ্ৰহণ কৰিবষ। প্ৰধানমন্ত্ৰী মোদীয়ে এই নীতি আয়োগৰ সঞ্চালন পৰিষদৰ বৈঠকৰ অধ্যক্ষতা কৰিব, য’ত কৃষি, স্বাস্থ্য আৰু অৰ্থ ব্যৱস্থা সম্পৰ্কীয় বিষয়ত আলোচনা হ’ব।
প্ৰধানমন্ত্ৰী মোদীক সাক্ষাতৰ পূৰ্বে মমতা বেনাৰ্জীয়ে তৃণমূল কংগ্ৰেছৰ সাংসদৰ সৈতে দিল্লীত বৈঠকত বহে। এই বৈঠকত সংসদৰ চলিত অধিবেশন আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বিষয়ে আলোচনা কৰা হয়। কোৱা হৈছে যে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুকো সাক্ষাৎ কৰিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|