TMCৰ বৰঘৰত বিজেপিৰ ‘সিন্ধি’ৰ পিছতো মোদীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ যাব মমতা

News18-Assam
Updated:May 28, 2019, 8:00 PM IST
TMCৰ বৰঘৰত বিজেপিৰ ‘সিন্ধি’ৰ পিছতো মোদীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ যাব মমতা
শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ লাভ কৰাৰ পিছত মমতাই কয় যে এই অনুষ্ঠানত তেওঁৰ নিশ্চয় উপস্থিত থাকিব।

শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ লাভ কৰাৰ পিছত মমতাই কয় যে এই অনুষ্ঠানত তেওঁৰ নিশ্চয় উপস্থিত থাকিব।

  • Share this:
লোকসভা নিৰ্বাচনত ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পিছত এতিয়া ৩০ মে’ত শপতগ্ৰহণ কৰিব মোদীৰ লগতে নতুন মন্ত্ৰীসভাই। শপতগ্ৰহণৰ ঘোষণাৰ পিছৰে পৰা অনুষ্ঠানত কোন কোন উপস্থিত থাকিব তাক লৈ চলিছিল ব্যাপক চৰ্চা। এফালে বিদেশী অতিথিক লৈ চৰ্চা, আনফালে প্ৰস্তুত হৈছে দেশৰ অতিথিসকলৰ তালিকাও। এই তালিকাত আছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীও।

মঙলবাৰে মমতাই লাভ কৰে নিমন্ত্ৰণী পত্ৰ। শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ লাভ কৰাৰ পিছত মমতাই কয় যে এই অনুষ্ঠানত তেওঁৰ নিশ্চয় উপস্থিত থাকিব। এনে অনুষ্ঠানত উপস্থিত থকাটো সন্মানৰ কথা আৰু ৩০ মে’ত প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব তেওঁ।

ইয়াৰ মাজতে পশ্চিম বংগত তৃণমূল কংগ্ৰেছৰ ভেটি থৰক–বৰক কৰিছে আন এক ঘটনাই। আজি TMCৰ দুগৰাকী আৰু CPMৰ এগৰাকী বিধায়কে যোগদান কৰে বিজেপিত। লগতে ৫০ গৰাকীকৈ পাৰিষদেও পিন্ধিলে গেৰুৱা বসন।
First published: May 28, 2019, 8:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading