বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / দেশ / Vande Bharat Express: এখন পুৰণি ট্ৰেইনক ৰং কৰি দিছে বুলি কিয় ক'লে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ?

Vande Bharat Express: এখন পুৰণি ট্ৰেইনক ৰং কৰি দিছে বুলি কিয় ক'লে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ?

Vande Bharat Express: এখন পুৰণি ট্ৰেইনক ৰং কৰি দিছে বুলি কিয় ক'লে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ?

পশ্চিম বংগত বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰা আৰম্ভ হোৱা মাত্ৰ কেইদিনমান হ’ল।  ইয়াৰ মাজতে বন্দে ভাৰত এক্সপ্ৰেছত শিলগুটি নিক্ষেপ কৰাৰ দুটা ঘটনা সংঘটিত হৈছে।  বিষয়টোক কেন্দ্ৰ কৰি বিতৰ্কৰ ধুমুহা আৰম্ভ হৈছে।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

পশ্চিম বংগত বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰা আৰম্ভ হোৱা মাত্ৰ কেইদিনমান হ’ল।  ইয়াৰ মাজতে বন্দে ভাৰত এক্সপ্ৰেছত শিলগুটি নিক্ষেপ কৰাৰ দুটা ঘটনা সংঘটিত হৈছে।  বিষয়টোক কেন্দ্ৰ কৰি বিতৰ্কৰ ধুমুহা আৰম্ভ হৈছে।

শিলগুটিৰ দ্বিতীয়টো ঘটনা বংগৰ নহয় বিহাৰৰ বুলি দাবী কৰা হৈছে।  এইবাৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিষয়টোৰ ওপৰত বিতৰ্কৰ সূচনা কৰিলে।

মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে কয়, “বাংলাৰ নামক বদনাম কৰা হৈছে। বংগত নহয়, বিহাৰত ঘটিছিল ঘটনা। বিহাৰৰ জনসাধাৰণৰ খং উঠিব পাৰে। যদি তেওঁলোকে এই কাণ্ড কৰিছে, তেন্তে সমগ্ৰ বিহাৰেই হ’ব নোৱাৰে।” কিহৰ বাবে তেওঁলোকে বিহাৰক  অপমান কৰিলে। মই ভাবো তেওঁলোকৰো পোৱাৰ অধিকাৰ আছে। আজি বিহাৰত বিজেপি নাই বাবে কিয় নাপাব ?

বিজ্ঞাপন

আনহতে বন্দে ভাৰতে ইঞ্জিনৰ বাহিৰে এখন পুৰণি ৰেল ৰং কৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

মুখ্যমন্ত্রীয়ে কয়, ” বংগৰ পৰা বহু পুৰণি ৰে’ল আঁতৰোৱা হৈছে। মই ৰেল মন্ত্ৰী থকাৰ সময়ত বছৰত ১০০খন নতুন ৰে’ল দিছিলোঁ আৰু এই ১১ বছৰত এখনো নতুন ৰে’ল দিয়া হোৱা নাই এইখনৰ বাহিৰে। বংগৰ নাম বদনাম কৰাৰ আপোনালোকৰ কাম বুলি বিজেপিৰ নাম নোলোৱাকৈ বিজেপিক কটাক্ষ কৰে ।এয়া মাথোন বংগক বদনাম কৰাৰ চেষ্টা। যি হ’ল তাক মই গৰিহণা দিছো।”

তেওঁ লগতে কয়, “কেতিয়াৰ পৰা ১০০ দিনৰ কাম বন্ধ হৈছে ? আনহাতে আমি ২৫০০ হাজাৰ কোটি টকা ব্যয় কৰি শ্ৰমিক দিৱসৰ সৃষ্টি কৰিছো।”

উল্লেখযোগ্য যে  বন্দে ভাৰত ট্ৰেইনত শিলগুটি নিক্ষেপক কেন্দ্ৰ কৰিও ৰাজনৈতিক বিতৰ্ক আৰম্ভ হৈছিল। বংগৰ বিৰোধী দলপতি সুবেন্দু অধিকাৰীয়ে টুইট কৰি এই ঘটনাৰ NIA ৰ তদন্তৰ দাবী জনায়। ইপিনে বন্দে  ভাৰতত শিলগুটি নিক্ষেপ কৰাৰ পিছত নিৰাপত্তাৰ বাবে ৰেলৱেই কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে।

বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন