‘ফণী’ সন্দৰ্ভত পৰ্যালোচনা বৈঠকৰ বাবে মোদীৰ প্ৰস্তাৱ অস্বীকাৰ কৰিলে মমতা চৰকাৰে, ক’লে– ব্যস্ত আছে বিষয়া

সূত্ৰ অনুসৰি, ‘ফণী’ কাল ধুমুহাৰ বাবে হোৱা ক্ষতিগ্ৰস্তৰ পৰিমাণৰ হিচাপ ল’বলৈ প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিমবংগৰ চৰকাৰৰ সৈতে বৈঠক অনুষ্ঠিত কৰিব বিচাৰিছিল, কিন্তু নিৰ্বাচনী ব্যস্ততাৰ দোহাই দি স্থগিত ৰাখিলে এই বৈঠক।

Dulu Medhi | news18assam
Updated:May 6, 2019, 2:20 PM IST
‘ফণী’ সন্দৰ্ভত পৰ্যালোচনা বৈঠকৰ বাবে মোদীৰ প্ৰস্তাৱ অস্বীকাৰ কৰিলে মমতা চৰকাৰে, ক’লে– ব্যস্ত আছে বিষয়া
‘ফণী’৸ সন্দৰ্ভত পৰ্যালোচনা বৈঠকৰ বাবে মোদীৰ প্ৰস্তাৱ অস্বীকাৰ কৰিলে মমতা চৰকাৰে
Dulu Medhi | news18assam
Updated: May 6, 2019, 2:20 PM IST
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মাজত থকা মতানৈক্য এতিয়া সকলোৰে সন্মুখত প্ৰকাশ পাইছে। সূত্ৰ অনুসৰি, ‘ফণী’ কাল ধুমুহাৰ বাবে হোৱা ক্ষতিগ্ৰস্তৰ পৰিমাণৰ হিচাপ ল’বলৈ প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিমবংগৰ চৰকাৰৰ সৈতে বৈঠক অনুষ্ঠিত কৰিব বিচাৰিছিল, কিন্তু নিৰ্বাচনী ব্যস্ততাৰ দোহাই দি স্থগিত ৰাখিলে এই বৈঠক।

কি ক’লে মমতাৰ চৰকাৰে?
সূত্ৰ অনুসৰি PMOৰ তৰফৰ পৰা পশ্চিমবংগৰ চৰকাৰৰ সৈতে ‘ফণী’ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকৰ প্ৰস্তাৱ দিয়া হৈছিল। মমতা চৰকাৰে এই প্ৰস্তাৱক নাকচ কৰি ক’লে যে বৰ্তমান প্ৰতিগৰাকী বিষয়া নিৰ্বাচনী কাৰ্যৰ বাবে ব্যস্ত হৈ আছে। মোদী আজি ওড়িশা ভ্ৰমণত ব্যস্ত হৈ আছে, তেওঁ ওড়িশাত গৈ ‘ফণী’ৰ বাবে হোৱা ক্ষতিগ্ৰস্তৰ বুজ ল’লে। একেদৰে পশ্চিম বংগৰ চৰকাৰৰ সৈতেও পৰ্যালোচনা বৈঠকৰ প্ৰস্তাৱ দিছিল, কিন্তু মমতাৰ চৰকাৰে এই প্ৰস্তাৱক অস্বীকাৰ কৰিলে।

পূৰ্বেও ফোন উঠোৱা নাছিল
সূত্ৰ অনুসৰি, PMOৰ তৰফৰ পৰা পূৰ্বেও দুবাৰকৈ প্ৰধানমন্ত্ৰীৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপৰ চেষ্টা কৰিছিল। দুবাৰেই তেওঁ কোনোধৰণৰ উত্তৰ দিয়া নাছিল। নাম প্ৰকাশ নকৰাৰ চৰ্ত ৰাখি PMOৰ সূত্ৰই NEWS18ক কৈছিল যে, কাৰ্যালয়ৰ লোকে প্ৰথমবাৰ যেতিয়া ফোন কৰিছিল তেতিয়া কৈছিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ভ্ৰমণত ব্যস্ত হৈ আছে। দ্বিতীয়বাৰো ফোন কৰোতে সেইফালৰ পৰা একো উত্তৰ নাহিল। একেদৰে পশ্চিম বংগৰ চৰকাৰৰ সৈতেও পৰ্যালোচনা বৈঠকৰ প্ৰস্তাৱ দিছিল, কিন্তু মমতাৰ চৰকাৰে এই প্ৰস্তাৱক অস্বীকাৰ কৰিলে।
আৰু চাওক পৰৱৰ্তী বাতৰি