মমতাৰ সিদ্ধান্ত, মুছলমান শিক্ষাৰ্থীৰ বাবে শিক্ষানুষ্ঠানত পৃথক ডাইনিং হল!

হিন্দু আৰু মুছলমান ছাত্ৰক বিদ্যালয়ত একেলগে খাদ্যগ্ৰহণত কৰিবলৈ নিদিয়ে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে!

News18-Assam
Updated:June 28, 2019, 6:11 PM IST
মমতাৰ সিদ্ধান্ত, মুছলমান শিক্ষাৰ্থীৰ বাবে শিক্ষানুষ্ঠানত পৃথক ডাইনিং হল!
হিন্দু আৰু মুছলমান ছাত্ৰক বিদ্যালয়ত একেলগে খাদ্যগ্ৰহণত কৰিবলৈ নিদিয়ে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে!
News18-Assam
Updated: June 28, 2019, 6:11 PM IST
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এইবাৰ গ্ৰহণ কৰিছে এক বিতৰ্কিত সিদ্ধান্ত। সততে ধৰ্মনিৰপেক্ষতাৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰব হোৱা মমতা বেনাৰ্জীৰ চৰকাৰে বিদ্যালয়ত হিন্দু আৰু মুছলমান ছাত্ৰ–ছাত্ৰীক পৃথকে পৃথকে ভোজন গ্ৰহণ কৰিবলৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শুকুৰবাৰে পশ্চিম বংগ চৰকাৰে চৰকাৰী বিদ্যালয়ত মধ্যাহ্ন ভোজন গ্ৰহণ কৰিবলৈ মুছলমান ছাত্ৰ–ছাত্ৰীৰ বাবে পৃথক ডাইনিং হল নিৰ্মাণ কৰিলৈ নিৰ্দেশ জাৰি কৰিছে।

পশ্চিম বংগৰ যিসমূহ চৰকাৰী বিদ্যালয়ত ৭০ শতাংশৰ ওপৰত মুছলমান ছাত্ৰ–ছাত্ৰীয়ে অধ্যয়ন কৰে তেনে বিদ্যালয় সমূহতহে প্ৰযোজ্য হ’ব মমতা বেনাৰ্জী চৰকাৰৰ এই নতুন নিয়ম। মমতা চৰকাৰে জাৰি কৰা এই নতুন নিৰ্দেশনৰ ওপৰত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিয়ে। পশ্চিম বংগ বিজেপিৰ সভাপতি দিলীপ ঘোষে কয় যে এনেধৰণৰ সিদ্ধান্তলৈ মমতা বেনাৰ্জীয়ে সমাজত সাম্প্ৰদায়িক শ্ৰেণী বিভাজন কৰিবলৈ চেষ্টা কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি