• Home
  • »
  • News
  • »
  • nation
  • »
  • লোকসভা নিৰ্বাচনত পৰাজয়ৰ পিছত TMCত বিশ্বাসঘাতকৰ সন্ধান উলিয়াব মমতাই

লোকসভা নিৰ্বাচনত পৰাজয়ৰ পিছত TMCত বিশ্বাসঘাতকৰ সন্ধান উলিয়াব মমতাই

এজন TMC নেতাই ক’লে যে তেওঁ প্ৰায় ৭০ লাখ চৰকাৰী কৰ্মচাৰীৰ আত্মীয়–কুটুম্বৰ ভোট নাপালে কাৰণ ৰাজ্যত সপ্তম বতন আয়োগৰ অনুমোদন জাৰি কৰা হোৱা নাই।

  • Share this:
    পশ্চিমবংগৰ দুৰ্গত আঘাত হনাৰ পিছত সতৰ্ক হৈ পৰিছে ‘দিদি’, ব্যস্ত হৈ পৰিছে বিশ্বাসঘাতকৰ সন্ধানত। বিধানসভাত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত তৃণমূল কংগ্ৰেছৰ নেতা আৰু মমতা বেনাৰ্জী এতিয়া ব্যস্ত হৈ পৰিছে বিশ্বাসঘাতকৰ সন্ধানত।

    TMCৰ সূত্ৰ অনুসৰি ৬০টা বিধানসভা আসনৰ বিজেপি মাত্ৰ ৪ হাজাৰ ভোটৰ ব্যৱধানত পৰাজয় হৈছে যিটো আমাৰ কাৰণে চিন্তাৰ বিষয়। ইয়াৰ লগতে ১৯২টা বিধানসভা সমষ্টি চিনাক্ত কৰা হৈছে যিকেইটা উত্তৰ–পশ্চিম দিশৰ।

    ইক’নমিক টাইমছৰ তথ্য অনুসৰি মমতাই জ্যেষ্ঠসকলক এনেধৰণৰ নেতাক চিনাক্ত কৰিবলৈ কৈছে যিসকলে CPMৰ পৰা BJP আৰু TMCৰ পৰা বিজেপিক ভোট স্থানান্তৰিত কৰাত সহায় কৰিছিল। ৰিপ’ৰ্ট অনুসৰি TMCৰ ছাৰ্ভেত প্ৰকাশ পাইছে যে TMCয়ে জংগলমহল আৰু উত্তৰ বংগৰ পৰা ‘দৰিদ্ৰৰ ভোট’ নাপালে। এইসমূহ অঞ্চলত আদিবাসী লোকৰ সংখ্যা বেছি।

    চৰকাৰী কৰ্মচাৰীৰ নাপালে ভোট
    এজন TMC নেতাই জনোৱা মতে তেওঁ প্ৰায় ৭০ লাখ চৰকাৰী কৰ্মচাৰীৰ আত্মীয়–কুটুম্বৰ ভোট নাপালে কাৰণ ৰাজ্যত সপ্তম বতন আয়োগৰ অনুমোদন জাৰি কৰা হোৱা নাই।’

    TMC নেতাজনে ক’লে ‘যত আমি হাৰিলো এই সন্দৰ্ভত বিধানসভাই বিশ্লেষণ কৰিলে গম পাব এই পৰাজয় নিজে নিজে হোৱা নাই। এজন বিশ্বাসঘাতক বিজেপিত যোগদান কৰিছে। সি ভালদৰে জানে কাক সাক্ষাৎ কৰিব লাগে আৰু ভোট কেনেদৰে স্থানান্তৰ কৰা হয়।’

    First published: