মমতা বেনাৰ্জীৰ অভিযোগ–বিজেপিয়ে শ্লোগান হিচাপে ব্যৱহাৰ কৰিছে ‘জয় শ্ৰী ৰাম’

ইয়াৰ আগতেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ সময়ত বিজেপিৰ বিৰুদ্ধে ধৰ্ণা দিবলৈ গৈছিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

news18assam
Updated:June 2, 2019, 9:47 PM IST
মমতা বেনাৰ্জীৰ অভিযোগ–বিজেপিয়ে শ্লোগান হিচাপে ব্যৱহাৰ কৰিছে ‘জয় শ্ৰী ৰাম’
ইয়াৰ আগতেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ সময়ত বিজেপিৰ বিৰুদ্ধে ধৰ্ণা দিবলৈ গৈছিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী
news18assam
Updated: June 2, 2019, 9:47 PM IST
প্ৰতিদিনে বৃদ্ধি পাইছে মমতা বেনাৰ্জী আৰু বিজেপিৰ মাজত সংঘাত। ‘জয় শ্ৰী ৰাম’ কলৈ এতিয়া গৰম হৈছে পশ্চিমবংগৰ ৰাজনৈতিক বতাহ। ৰাজ্যখনৰ উত্তৰ ২৪ পৰগনাত মমতাৰ কনভয়ৰ সমীপত একাংশ লোকে ‘জয় শ্ৰীৰাম’ ধ্বনি দিয়াৰ পিছত কনভয়ৰ পৰা নামি আহি লোকসকলৰ সৈতে তৰ্কযুদ্ধতো লিপ্ত হৈছিল মুখ্যমন্ত্ৰীগৰাকী। জয় শ্ৰী ৰামৰ প্ৰসংগত আকৌ এবাৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মমতা বেনাৰ্জীয়ে। দেওবাৰে মমতা বেনাৰ্জীয়ে নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে কয় যে বিজেপিয়ে জয় শ্ৰী ৰাম ধ্বনীক নিজৰ দলৰ শ্লোগান হিচাপে ব্যৱহাৰ কৰিছে। সেইদৰে বিজেপিয়ে ধৰ্মীয় মেৰুকৰণ কৰি পশ্চিমবংগত ৰাজনীতি কৰিছে বুলি অভিযোগ কৰে তৃণমুল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে।

পশ্চিমবংগতে যেন এতিয়া অথন্তৰৰ সীমা নোহোৱা হৈছে মমতা বেনাৰ্জীৰ। লোকসভা নিৰ্বাচনত শোচনীয় ফলাফলৰ পিছতে মমতাৰ দুৰ্গত সৃষ্টি হৈছে খহনীয়া। ইতিমধ্যে তিনি বিধায়কসহ কেইবাজনো পাৰিষদে তৃণমূল কংগ্ৰেছ এৰি যোগদান কৰিছে বিজেপিত।ফলত এতিয়া হতাশগ্ৰস্থ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকী।

আৰু চাওক পৰৱৰ্তী বাতৰি