• Home
  • »
  • News
  • »
  • nation
  • »
  • Prashant Kishor: ৰাজনীতিৰ চাণক্য প্ৰশান্ত কিশোৰ আচলতে কোনটো শিবিৰৰ লোক, মমতা বেনাৰ্জীয়ে দিলে ইংগিত

Prashant Kishor: ৰাজনীতিৰ চাণক্য প্ৰশান্ত কিশোৰ আচলতে কোনটো শিবিৰৰ লোক, মমতা বেনাৰ্জীয়ে দিলে ইংগিত

সূত্ৰ অনুসৰি, প্ৰশান্তক কংগ্ৰেছত যোগদানৰ চৰ্ত হিচাপে তৃণমূল আৰু টিআৰএছৰ সৈতে সম্পৰ্ক ছিন্ন কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল।

সূত্ৰ অনুসৰি, প্ৰশান্তক কংগ্ৰেছত যোগদানৰ চৰ্ত হিচাপে তৃণমূল আৰু টিআৰএছৰ সৈতে সম্পৰ্ক ছিন্ন কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল।

সূত্ৰ অনুসৰি, প্ৰশান্তক কংগ্ৰেছত যোগদানৰ চৰ্ত হিচাপে তৃণমূল আৰু টিআৰএছৰ সৈতে সম্পৰ্ক ছিন্ন কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল।

  • Share this:
ভাৰতৰ ৰাজনীতিত প্ৰশান্ত কিশোৰক লৈ চৰ্চাৰ অন্ত নাই। ৰাজনীতিৰ চাণক্য ৰূপে পৰিচিত প্ৰশান্ত কিশোৰে অলপতে কংগ্ৰেছত যোগদান কৰাক লৈ ওলোৱা চৰ্চাৰ পিছত তেওঁ কংগ্ৰেছত যোগদান নকৰিলে। গতিকে স্বাভাৱিকতে প্ৰশ্ন উঠে যে প্ৰশান্ত কিশোৰ আচলতে কোনটো শিবিৰৰ লোক।

এই প্ৰশ্নৰ মাজতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ইয়াকে লৈ দিয়ে এটা বিশেষ ইংগিত। মমতা বেনাৰ্জীৰ ভাষ্য যে প্ৰশান্ত কিশোৰ (Prashant Kishor) তেওঁৰ শিবিৰৰ মানুহ। শনিবাৰে এটা টিভি চেনেলক দিয়া সাক্ষাৎকাৰত তৃণমূল নেতা মমতা বেনাৰ্জীয়ে কয়- "তেওঁৰ ভূমিকাক লৈ দলটোত মতভেদ আছিল। কিন্তু এইটো স্পষ্ট কৰা হৈছে যে তেওঁ ভোটাৰ হিচাপে তৃণমূল দলত কাম কৰিব।''

অৱশ্যে, প্ৰশান্ত কিশোৰৰ সংগঠন আইপিএচিয়ে ইতিমধ্যে তৃণমূল আৰু তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ (টিআৰএছ) সৈতে আগন্তুক নিৰ্বাচনৰ দায়িত্ব গ্ৰহণ কৰিছে। তথাপি ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰশান্তৰ পৰৱৰ্তী পদক্ষেপৰ বিষয়ে আলোচনা কৰা হৈছিল।

সূত্ৰ অনুসৰি, প্ৰশান্তক কংগ্ৰেছত (Indian National Congress) যোগদানৰ চৰ্ত হিচাপে তৃণমূল আৰু টিআৰএছৰ সৈতে সম্পৰ্ক ছিন্ন কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল। প্ৰশান্ত কিশোৰৰ যুক্তি আছিল যে আই পি এ চি আৰু তেওঁ পৃথক সত্তা, সেয়েহে সম্পৰ্কটো ছিন্ন কৰাৰ কোনো প্ৰশ্নই থাকিব নালাগে।

উল্লেখ্য, ২০২১ চনৰ ২ মে' তাৰিখে পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ দিনা প্ৰশান্তই ঘোষণা কৰিছিল যে তেওঁ আৰু নিৰ্বাচনী ৰণনীতিবিদ হিচাপে কাম নকৰিব। কিন্তু তেওঁৰ কোম্পানী আইপিএচিয়ে স্বতন্ত্ৰভাৱে কাম কৰিব।
Published by:Gautam Barman
First published: