পশ্চিম বংগক অসম হ’বলৈ দিয়া নহ’ব! NRC ৰ বিৰুদ্ধে মমতা বেনাৰ্জীৰ উত্তাল প্ৰতিবাদ

News18-Assam
Updated:September 12, 2019, 6:08 PM IST
পশ্চিম বংগক অসম হ’বলৈ দিয়া নহ’ব! NRC ৰ বিৰুদ্ধে মমতা বেনাৰ্জীৰ উত্তাল প্ৰতিবাদ
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰুদ্ধে এতিয়া সৰব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰুদ্ধে এতিয়া সৰব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

  • News18 Assam
  • Last Updated: September 12, 2019, 6:08 PM IST
  • Share this:
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰুদ্ধে এতিয়া সৰব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। বৃহস্পতিবাৰে কলিকতাৰ ৰাজপথত মমতা বেনাৰ্জীৰ নেতৃত্বত উলিওৱা হয় এক NRC বিৰোধী প্ৰতিবাদী সমদল। প্ৰতিবাদস্থলীত মমতা বেনাৰ্জী জীয়াই থকা পৰ্যন্ত কোনো কাৰণতে পশ্চিম বংগত এন আৰ চি হ’বলৈ নিদিয়ে বুলি সদম্ভ ঘোষণা কৰে।

কোনো পৰিস্থিতিতে পশ্চিম বংগত অসমৰ দৰে পৰিস্থিতি হ’বলৈ দিয়া নহ’ব বুলি মন্তব্য কৰে বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। দলেবলে প্ৰতিলবাদত ভাগ লৈ NRC ৰ বিৰুদ্ধে হুংকাৰ দিলে মমতাই। বৃহৎ সমাৱেশেৰে কেন্দ্ৰক হুংকাৰ মমতা বেনাৰ্জীৰ। NRCৰ পৰা বহু বঙালী ভাষী লোক বাদ পৰাৰ অভিযোগ বংগ কন্যাৰ। জীয়াই থকালৈকে পশ্চিম বংগত NRC ক বাধা দিয়াৰ হুংকাৰ দিলে মমতাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading