SPG ৰ সতৰ্কবাণী, প্ৰধানমন্ত্ৰীৰ ৰেলীত আক্ৰমণ চলাব পাৰে মমতা বেনাৰ্জীয়ে !

পশ্চিমবংগত ক্ৰমাত তীব্ৰতৰ হৈছে বিজেপি আৰু তৃণমুল কংগ্ৰেছৰ মাজৰ ৰাজনৈতিক যুদ্ধ । দুয়োটা দলৰ নেতাৰ মাজত চলিছে তীব্ৰ ৰাজনৈতিক বাকযুদ্ধ । তাৰ সমান্তৰালভাৱে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তাক লৈও অধিক সতৰ্ক হোৱা দেখা গৈছে SPG ।

news18assam
Updated:May 16, 2019, 7:38 PM IST
SPG ৰ সতৰ্কবাণী, প্ৰধানমন্ত্ৰীৰ ৰেলীত আক্ৰমণ চলাব পাৰে মমতা বেনাৰ্জীয়ে !
পশ্চিমবংগত ক্ৰমাত তীব্ৰতৰ হৈছে বিজেপি আৰু তৃণমুল কংগ্ৰেছৰ মাজৰ ৰাজনৈতিক যুদ্ধ । দুয়োটা দলৰ নেতাৰ মাজত চলিছে তীব্ৰ ৰাজনৈতিক বাকযুদ্ধ । তাৰ সমান্তৰালভাৱে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তাক লৈও অধিক সতৰ্ক হোৱা দেখা গৈছে SPG ।
news18assam
Updated: May 16, 2019, 7:38 PM IST
পশ্চিমবংগত ক্ৰমাত তীব্ৰতৰ হৈছে বিজেপি আৰু তৃণমুল কংগ্ৰেছৰ মাজৰ ৰাজনৈতিক যুদ্ধ । দুয়োটা দলৰ নেতাৰ মাজত চলিছে তীব্ৰ ৰাজনৈতিক বাকযুদ্ধ । তাৰ সমান্তৰালভাৱে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তাক লৈও অধিক সতৰ্ক হোৱা দেখা গৈছে SPG ।  পশ্চিমবংগত হ’ব লগা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰেলীত চলাব পাৰে মমতা বেনাৰ্জীয়ে আক্ৰমণ । বৃহস্পতিবাৰে এই বিষয়ত SPG এ সতৰ্ক কৰি দিলে পশ্চিমবংগৰ পুলিচক ।

প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ বাবে SPG এ এইবাৰ পত্ৰৰ জৰিয়তে সতৰ্ক কৰি দিছে পশ্চিমবংগৰ ডিজিপিক । SPGৰ ইন্সপেক্টৰ জেনেৰেলে প্ৰধানমন্ত্ৰী মোদীৰ মথুৰাপুৰ আৰু দমদমত হ’বলগীয়া নিৰ্বাচনী সভাত অপ্ৰীতিকৰ পৰিস্থিতি হ’ব পাৰে বুলি শংকা ব্যক্ত কৰিছে । উল্লেখনীয় যে আজি ৰাতি ১০ বজাত সমাপ্ত হ’ব নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচী ।

আজি মথুৰাপুৰত মোদীৰ নিৰ্বাচনী সভাৰ সমান্তৰালকৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব । SPG–এ পত্ৰৰ জৰিয়তে বিশেষকৈ মথুৰাপুৰত হ’বলগীয়া নিৰ্বাচনী সভাৰ বাবে সতৰ্ক কৰি দিছে পশ্চিমবংগৰ আৰক্ষীক । মথুৰাপুৰত হ’বলগীয়া মোদীৰ সভাক লৈ অধিক সতৰ্ক হৈ থকাৰ কাৰণ হ’ল মথুৰাপুৰত মমতা বেনাৰ্জীৰ সভাৰ নিচেই কাষতেই প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিব নিৰ্বাচনী সভা । ইয়াৰ আগতেও পশ্চিমবংগত চলি থকা নিৰ্বাচনী হিংসাক লৈ মমতা বেনাৰ্জীক আক্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।
আৰু চাওক পৰৱৰ্তী বাতৰি