মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»‘NRC এ শোষণ কৰিলে বৃহৎ সংখ্যক বাঙালী ভাষিক’– ক্ষুব্ধ মমতা বেনাৰ্জী

‘NRC এ শোষণ কৰিলে বৃহৎ সংখ্যক বাঙালী ভাষিক’– ক্ষুব্ধ মমতা বেনাৰ্জী

News18-Assam
Updated:September 1, 2019, 4:02 PM IST
‘NRC এ শোষণ কৰিলে বৃহৎ সংখ্যক বাঙালী ভাষিক’– ক্ষুব্ধ মমতা বেনাৰ্জী
এইবাৰ NRC সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

এইবাৰ NRC সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

  • Share this:
বহু প্ৰতীক্ষাৰ অন্ত পেলাই প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। ১০ বজাত NRC কৰ্তৃপক্ষই প্ৰকাশ কৰিলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। চূড়ান্ত NRCত অন্তৰ্ভুক্ত হ’ল ৩,১১,২১,০০৪ জন লোকৰ নাম। তাৰ বিপৰীতে বাদ পৰিল ১৯,০৬,৬৫৭জন লোক। মুঠ আবেদনকাৰী আছিল ৩,৩০,২৭,৬৬১ জন।

এইবাৰ NRC সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মমতা বেনাৰ্জীৰ মতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ে শোষণ কৰিলে বৃহৎ সংখ্যক বাঙালী ভাষী লোকক।



মমতা বেনাৰ্জীয়ে কয় যে,  ‘নাগৰিক পঞ্জীয়ে বহুকইটা দিশ উন্মোচিত কৰিলে। ৰাজনতিক ভাৱেও শোষণ কৰা হ’ল NRC ৰ জৰিয়তে। NRC ৰ ফলত দুৰ্ভোগ ভুগিব লগীয়া হ’ল বৃহৎ সংখ্যক বাঙালী ভাষী লোকে।’

 

সেইদৰে গোৰ্খা সকলৰ লগতে বৃহৎ সংখ্যক প্ৰকৃত ভাৰতীয়ৰ নাম NRC ত সন্নিৱিষ্ট নোহোৱাৰ অভিযোগ মুখ্যমন্ত্ৰীগৰাকীৰ। সমগ্ৰ বিষয়টো ভালদৰে পৰ্যবেক্ষণ কৰি নাম অন্তৰ্ভূক্ত  নোহোৱা সকলক ন্যায় প্ৰদান কৰিবলৈ দাবী জনাই মমতা বেনাৰ্জীয়ে।
First published: September 1, 2019, 4:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি