Ripun Bora Praises Mamata Banerjee: যোৱা এটা বছৰ ধৰি মমতা বেনাৰ্জীয়ে কে চন্দ্ৰশেখৰ ৰাও, শৰদ পাৱাৰ, ছোনিয়া গান্ধী, ৰাহুল গান্ধীকে ধৰি সকলো বিৰোধী দলক একত্ৰিত কৰাৰ অহৰহ প্ৰচেষ্টা চলাই আছে: বৰা
Ripun Bora Praises Mamata Banerjee: যোৱা এটা বছৰ ধৰি মমতা বেনাৰ্জীয়ে কে চন্দ্ৰশেখৰ ৰাও, শৰদ পাৱাৰ, ছোনিয়া গান্ধী, ৰাহুল গান্ধীকে ধৰি সকলো বিৰোধী দলক একত্ৰিত কৰাৰ অহৰহ প্ৰচেষ্টা চলাই আছে: বৰা
২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত বিৰোধী দলৰ পৰা মমতা বেনাৰ্জী (Mamata Banerjee) হৈছে প্ৰধানমন্ত্ৰীৰ পদৰ বাবে সৰ্বোত্তম প্ৰাৰ্থী । বুধবাৰে দিল্লীত এই মন্তব্য কৰিছে কংগ্ৰেছ (Congress) ত্যাগ কৰি তৃণমূল কংগ্ৰেছ (TMC)ত যোগদান কৰা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুণ বৰা (Ripun Bora)ই । তৃণমূল কংগ্ৰেছ যোগদান কৰিয়েই মমতাৰ প্ৰশংসাত পঞ্চমুখ হোৱা বৰাই কয় – পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অকলেই বিজেপিৰ বিৰুদ্ধে আগ্ৰাসী ৰূপত অৱতীৰ্ণ হৈছে । তেওঁ পুনৰ কয় -মমতা বেনাৰ্জী তিনিবাৰকৈ মুখ্যমন্ত্ৰী হৈছে, ৭বাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে; মুখ্যমন্ত্ৰী হোৱাৰ পিছত যোৱা এটা বছৰ ধৰি তেওঁ কে চন্দ্ৰশেখৰ ৰাও, শৰদ পাৱাৰ, ছোনিয়া গান্ধী, ৰাহুল গান্ধীকে ধৰি সকলো বিৰোধী দলক একত্ৰিত কৰাৰ অহৰহ প্ৰচেষ্টা চলাই আছে ।
উল্লেখযোগ্য যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই যোৱা ১৭ এপ্ৰিলত কংগ্ৰেছ দল ত্যাগ কৰি কলকাতাত তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল। কংগ্ৰেছ দলৰ সভানেত্ৰী ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰা পত্ৰত তেওঁ কংগ্ৰেছৰ বিৰুদ্ধে বহু কেইটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল । অসম কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতাৰ বিজেপি (BJP)ৰে গোপন সম্পৰ্ক আছে বুলিও উল্লেখ কৰিছিল বৰাই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|