Mamata Banerjee on Victory: ‘খেলা হবে’, ‘জয় বাংলা’ – বৃহৎ জয়ত দুই শ্লোগানক কৃতিত্ব দিলে মমতাই

News18 Assam | News18-Assam
Updated:May 3, 2021, 9:57 AM IST
Mamata Banerjee on Victory: ‘খেলা হবে’, ‘জয় বাংলা’ – বৃহৎ জয়ত দুই শ্লোগানক কৃতিত্ব দিলে মমতাই
পশ্চিম বংগ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে ২১৪খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰে ৭৬খন আসন।

পশ্চিম বংগ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে ২১৪খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰে ৭৬খন আসন।

  • Share this:


পশ্চিম বংগত তৃতীয়বাৰলৈ শাসনৰ গাদী দখল কৰিবলৈ সক্ষম হ’ল মমতা বেনাৰ্জীয়ে। ২০০ৰো অধিক আসন লাভ কৰি পুনৰ ক্ষমতাত তৃণমূল কংগ্ৰেছ। ধুলিসাৎ হৈছে বিজেপিৰ দুশ পাৰ কৰাৰ দাবী। কিন্তু দলৰ এই একক জয়ৰ বাবে দুটা শ্লোগানক কৃতিত্ব দিলে তৃণমূলৰ মুৰব্বী মমতা বেনাৰ্জীয়ে। সেয়া হ’ল – ‘খেলা হবে’ আৰু ‘জয় বাংলা’।

সাংবাদিকৰ আগত মমতাই কয়, ‘‘নিৰ্বাচনত এই দুটা শ্লোগান খুব কামত আহিছে। সৰু সৰু ভাই–ভনীসকলেও দিছে ‘খেলা হবে’ আৰু ‘জয় বাংলা’। সঁচাকৈ খেলা হৈছে আৰু আমি জিকিছো। ইয়াৰ বাবে মই তেওঁলোকলৈ অভিনন্দন জনাইছো।’’

সমগ্ৰ নিৰ্বাচনত তৃণমূলৰ অন্যতম শ্লোগান আছিল ‘খেলা হবে’। কৰ্মী, সমৰ্থকৰ মাজত বিপুল জনপ্ৰিয়তা লাভ কৰে এই শ্লোগানে। প্ৰায় প্ৰতিখন জনসভাৰ পৰা মুখ্যমন্ত্ৰীয়ে জনতাক উদ্দেশ্যি বাৰে বাৰে প্ৰশ্ন কৰিছিল, ‘কী বন্ধু খেলা হবে তো?’ ‘খেলা হবে’ক লৈ গানো কৰিছিল তৃণমূল নেতা দেবাংশু ভট্টাচাৰ্যই। সেই শ্লোগানেৰে অৱশ্যে শাসক দলক ওলোটাই কটাক্ষও কৰিছিল বিজেপি নেতাসকলে। লগতে মুখ্যমন্ত্ৰীৰ মুখত শুনা গৈছিল ‘জয় বাংলা’ শ্লোগান। নিৰ্বাচনী প্ৰচাৰত প্ৰতিখন সভাৰ অন্তত ‘জয় বাংলা’ বুলিয়ে বক্তব্য শেষ কৰে মমতাই।

উল্লেখযোগ্য যে পশ্চিম বংগ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে ২১৪খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰে ৭৬খন আসন। বাওঁ দলে এখন আৰু অন্যান্যই লাভ কৰে এখন আসন। একক সংখ্যাগৰিষ্ঠতাৰে পুনৰ শাসনৰ বাঘজৰী হাতত ৰাখিবলৈ সক্ষম হ’ল মমতা বেনাৰ্জীয়ে।

Published by: Sanjay Kumar Das
First published: May 3, 2021, 9:57 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি