পশ্চিম বংগত দুৰ্বৃত্তই আক্ৰমণ কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডাৰ বাহনত। পূৰ্বনিৰ্ধাৰিত এখন সভাত অংশগ্ৰহণৰ বাবে গৈ থকা অৱস্থাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ বাহনলৈ শিল নিক্ষেপ কৰে দুৰ্বৃত্তই। ঘটনাটো সংঘটিত হৈছে পশ্চিমবংগৰ পৰগণাৰ শিৰাকোলত। বিক্ষোভকাৰীয়ে আনকি ভাঙি চূড়মাৰ কৰে মুকুল ৰয়ৰ গাড়ীও। খবৰ অনুসৰি হাতত আঘাত পাইছে জেপি নড্ডাৰ লগতে থকা কৈলাশ বিজয়বৰ্গীয়ে।
পৰিস্থিতি গম্ভীৰ হোৱাৰ পিছতে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক অৱগত কৰে পশ্চিম বংগ বিজেপিৰ সভাপতি দিলীপ ঘোষে। অতিম শ্বাহৰ সৈতে টেলিফোনিক বাৰ্তালাপো হয় জেপি নড্ডাৰ।
ইফালে ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মমতা বেনাৰ্জীৰ মতে, এয়া পূৰ্ব পৰিকল্পিত এখন নাটক। সংবাদমাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ কৰা হৈছে এই নাটক।কিয় পঞ্চাশখন গাড়ীৰ কনভয় লৈ জেপি নড্ডা গৈছিল বুলিও প্ৰশ্ন কৰে মমতা বেনাৰ্জীয়ে। এতিয়া প্ৰকৃততে কি হৈছিল, সেই সন্দৰ্ভত উচিত তদন্ত কৰিবলৈ নিৰ্দেশ দিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : December 11, 2020, 01:29 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|