UPAৰ অধ্যক্ষা হ'ব নেকি মমতা বেনাৰ্জী? চলিছে নেকি যো-জা? হঠাত্‍ চৰ্চা

News18 Assam | News18-Assam
Updated:May 3, 2021, 7:59 PM IST
UPAৰ অধ্যক্ষা হ'ব নেকি মমতা বেনাৰ্জী? চলিছে নেকি যো-জা? হঠাত্‍ চৰ্চা
কংগ্ৰেছ দলৰ লগতে UPAৰ অংশীদাৰ দলসমূহে এই বিষয়ত চিন্তা-চৰ্চা কৰিছে।

কংগ্ৰেছ দলৰ লগতে UPAৰ অংশীদাৰ দলসমূহে এই বিষয়ত চিন্তা-চৰ্চা কৰিছে।

  • Share this:
দেওবাৰে পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ফলাফলত মমতা বেনাৰ্জীৰ মেজিকে কাম দিয়াৰ পিছত এতিয়া UPAৰ অংশীদাৰ দলসমূহৰ মাজত চলিছে বিশেষ চৰ্চা। পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীক UPAৰ অধ্যক্ষা বা আহ্বায়ক পদ যাচিব লাগে বুলি চৰ্চা চলিছে  UPAৰ অংশীদাৰ প্ৰায় ২৩টা ৰাজনৈতিক দলৰ মাজত।

ইয়াৰ প্ৰাৰম্ভিক আলোচনা ২০২০ৰ ডিচেম্বৰ মাহতে ২৩টা ৰাজনৈতিক দলৰ মাজত চলিছিল। আনহাতে ২০২০ত ছোনীয়া গান্ধীৰ বাসভৱনত অনুষ্ঠিত বৈঠকতো মমতা বেনাৰ্জীক এই ক্ষেত্ৰত কিদৰে সৈমান কৰিব পাৰি তাক লৈ আলোচনা চলিছিল। আনকি ৰাহুল গান্ধীয়ে UPAৰ অংশীদাৰ হ'বলৈ মমতা বেনাৰ্জীক আমন্ত্ৰণো জনাইছিল।

ইফালে কংগ্ৰেছৰ ধাৰাবাহিক বিপৰ্যয় চলিছে প্ৰতিটো নিৰ্বাচনতে। এফালে বিজেপিৰ শক্তিশালী সংগঠন, প্ৰধানমন্ত্ৰী মোদীৰ জনপ্ৰিয়তা, আনফালে কংগ্ৰেছত নেতৃত্বৰ অভাব। গতিকে এনে সময়ত ২০২৪ৰ লোকসভা নিৰ্বাচনতো কংগ্ৰেছৰ নেতৃত্বত UPA-ই কিমানখিনি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে, সেয়া সন্দেহৰ আৱৰ্তত।

গতিকে সময় থাকোতেই মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছক UPAৰ  অংশীদাৰ দল হ'বলৈ আমন্ত্ৰণ জনোৱাৰ লগতে মমতা বেনাৰ্জীক অধ্যক্ষা বা আহ্বায়কৰ দায়িত্ব দিয়াৰ সন্দৰ্ভত আলোচনা চলিছে বুলি জনা গৈছে। প্ৰথমে এই প্ৰস্তাব আগবঢ়াইছিল শৰদ পাৱাৰে। কিন্তু পশ্চিম বংগত মমতাৰ চমকপ্ৰদ জয়ৰ পিছত এই প্ৰসংগত অন্যান্য় দলসমূহেও আলোচনা কৰিছে।

দেওবাৰে ঘোষণা হোৱা পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ফলাফলত বিজেপিক পৰাস্ত কৰি বংগত মমতা বেনাৰ্জীয়ে বিজৰ নিচান উৰুওৱাৰ পিছৰ পৰা পুনৰ এবাৰ বিষয়টোৱে চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে।
Published by: Himangshu Bhuyan
First published: May 3, 2021, 7:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি