உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Teacher Recruitment: দুৰ্গা পূজাৰ পূৰ্বে ২৪ হাজাৰ শিক্ষকক নিযুক্তি! জানি লওক সবিশেষ

    Teacher Recruitment: দুৰ্গা পূজাৰ পূৰ্বে ২৪ হাজাৰ শিক্ষকক নিযুক্তি! জানি লওক সবিশেষ

    নিবনুৱাৰ বাবে ভাল খবৰ কঢ়িয়াইছে পশ্চিমবংগৰ চৰকাৰে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে লগতে আশ্বস্ত কৰিছে যে, ৰাজ্যখনৰ নিয়োগ প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা কৰি তোলা হ'ব।

    • Share this:
    দুৰ্গা পূজাৰ পূৰ্বেই হাজাহ হাজাৰ নিবনুৱাৰ মুখলৈ হাঁহি বিৰিঙাবলৈ সাজু হৈছে পশ্চিমবংগৰ মমতা বেনাৰ্জীৰ চৰকাৰ। ৰাজ্যখনৰ আপাৰ প্ৰাইমাৰী আৰু প্ৰাইমাৰীত মুঠ ২৪,৫০০ শিক্ষক নিয়োগ কৰা হ'ব। এই ঘোষণা কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

    পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে জনাইছে যে, আদালতত গোচৰ চলি থকাৰ বাবে নিয়োগ প্ৰক্ৰিয়া উলমি ৰৈছিল। কিন্তু এই প্ৰক্ৰিয়া এতিয়া আৰম্ভ কৰা হ'ব। পূজাৰ  পিছত প্ৰাইমাৰীত পুনৰ ৭ হাজাৰ ৫০০ শিক্ষকক নিযুক্তি দিয়া হ'ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

    মমতা বেনাৰ্জীয়ে কয় যে, 'পূজাৰ পূৰ্বেই ২৪ হাজাৰ শিক্ষকক আপাৰ প্ৰাইমাৰীত নিয়োগ কৰা হ'ব। প্ৰাইমাৰীত আৰু ৭ হাজাৰ ৫০০ শিক্ষতক নিযুক্তি দিয়া হ'ব। সকলো মিলাই ৩২ হাজাৰ শিক্ষক নিযুক্তি দিব পশ্চিমবংগ চৰকাৰে।'

    মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে, নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ হোৱাৰো আশ্বাস দিয়ে। কেৱল যাতে যোগ্য জনেহে চাকৰি লাভ কৰে, সেই কথা মনত ৰাখিহে চৰকাৰ আগবাঢ়িব বুলিও স্পষ্ট কৰি দিয়ে।
    Published by:Himangshu Bhuyan
    First published: