মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছৰ নতুন ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচিত। খবৰ অনুসৰি, মল্লিকাৰ্জুন খাৰ্গেই লাভ কৰিছে ৭৮৯৭টা ভোট আৰু শশী থাৰুৰে পাইছে ১০০০টা ভোট। ৪১৬টা ভোট খাৰিজ কৰা হৈছে। থাৰুৰতকৈ ৮গুণ অধিক ভোট পাই জয়লাভ কৰে মল্লিকাৰ্জুন খাৰ্গেই।
কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী শশী থাৰুৰে কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি মল্লিকাৰ্জুন খাৰ্গেক অভিনন্দন জনাই এক বিবৃতি জাৰি কৰিছে। তেওঁ কয় যে ‘মই ভাবো আমাৰ দলৰ পুনৰুদ্ধাৰ বাস্তৱত আজি আৰম্ভ হৈছে।’
মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছৰ নতুন সভাপতি নিৰ্বাচিত হোৱাৰ পিছতে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত আনন্দ উৎসৱ পালন কৰিছে। দিল্লীৰ এআইচিচি কাৰ্যালয়ৰ বাহিৰত দেখা গৈছে কংগ্ৰেছ কৰ্মীৰ আনন্দ উৎসৱ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|