এতিয়াৰে পৰা বালিকা বিদ্যালয়ত পাঠদান কৰিব নোৱাৰিব ৫০ বছৰতকৈ কম বয়সৰ শিক্ষকে

বালিকা বিদ্যালয়সমূহত কৰ্মৰত ৫০ বছৰ বয়সৰ তলৰ শিক্ষকসকলক আঁতৰাই তেওঁলোকৰ স্থানত নিযুক্তি দিয়া হ’ব মহিলা শিক্ষকক।

News18-Assam
Updated:October 21, 2019, 10:37 AM IST
এতিয়াৰে পৰা বালিকা বিদ্যালয়ত পাঠদান কৰিব নোৱাৰিব ৫০ বছৰতকৈ কম বয়সৰ শিক্ষকে
বালিকা বিদ্যালয়সমূহত কৰ্মৰত ৫০ বছৰ বয়সৰ তলৰ শিক্ষকসকলক আঁতৰাই তেওঁলোকৰ স্থানত নিযুক্তি দিয়া হ’ব মহিলা শিক্ষকক।
News18-Assam
Updated: October 21, 2019, 10:37 AM IST
ছাত্ৰী নিৰ্যাতনৰ ঘটনা দিনক দিনে বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি ৰাজস্থান চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এতিয়াৰে পৰা ৰাজ্যখনত ৫০ বছৰতকৈ কম বয়সৰ শিক্ষকে পাঠদান কৰিব নোৱাৰিব বালিকা বিদ্যালয়ত। বালিকা বিদ্যালয়সমূহত কৰ্মৰত ৫০ বছৰ বয়সৰ তলৰ শিক্ষকসকলক আঁতৰাই তেওঁলোকৰ স্থানত নিযুক্তি দিয়া হ’ব মহিলা শিক্ষকক। ৰাজস্থানৰ শিক্ষা মন্ত্ৰী গোবিন্দ সিং ডটাশ্ৰাই জনাইছে এই কথা।

চৰকাৰে গঠন কৰা বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনায় শিক্ষামন্ত্ৰীগৰাকীয়ে। টুইটাৰযোগে শিক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে মহিলা শিক্ষকৰ সংখ্যা পৰ্যাপ্ত হ’লেই এই নিয়ম প্ৰযোজ্য কৰা হ’ব।

উল্লেখযোগ্য যে পুৰুষ শিক্ষকৰ দ্বাৰা ছাত্ৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজস্থান চৰকাৰে। ২০১৮–১৯ বৰ্ষৰ ৰাজস্থান চৰকাৰৰ ৰিপ’ৰ্ট অনুসৰি, ৰাজ্যখনত মুঠ ৬৮,৯১০ খন স্কুলৰ ভিতৰত ১,০১৯ খন স্কুল হৈছে বালিকা বিদ্যালয়।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি