ৱেব চিৰিজ নিৰ্মাণৰ নামত চলিছে ৰমৰমীয়া পৰ্ণগ্ৰাফীৰ ব্যৱসায়। মুম্বাই আৰক্ষীয়ে জনাইছে যে, চুৰাট আৰু তাৰ আশে-পাশে অঞ্চলৰ বহু ফ্লেট বা ভাড়া ঘৰত ৱেব চিৰিজ নিৰ্মাণৰ নাম লৈ এদল যুৱকে নিৰ্মাণ কৰিছে পৰ্ণ মুভী। আৰু সেই ছবি বিক্ৰী কৰিছে বিদেশৰ বজাৰত।
ভাৰতবৰ্ষত পৰ্ণগ্ৰাফী নিষিদ্ধ যদিও বিশ্বৰ বিভিন্ন দেশত এনেধৰণৰ ছবি নিৰ্মাণ কৰা হয়। কিন্তু ভাৰতবৰ্ষতো এতিয়া গোপনে নিৰ্মাণ হৈছে পৰ্ণ ছবি। ইয়াৰ অন্তৰালত আছে কোটি কোটি টকাৰ ব্যৱসায়। কোনো মডেল বা কম বয়সীয়া লৰা ছোৱালীয়ে টকাৰ লোভত এই চক্ৰটোৰ ফান্দত পৰে আৰু এনে অসৎ কাৰ্য চলায়।
চুৰাটৰ এই ঘটনাৰ সন্দৰ্ভত দীৰ্ঘদিন ধৰি দৃষ্টি ৰাখিছিল আৰক্ষীয়ে। আৰু এনেধৰণৰ কাৰ্যত জড়িত থকাৰ অভিযোগত কিছুদিন পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এজন যুৱকক। যুৱকজনৰ নাম তনভীৰ। যুৱকজনে চুৰাটত বহিয়েই চলাই আছিল পৰ্ণ ছবিৰ ৰমৰমীয়া ব্যৱসায়।
আৰু তনভীৰৰ স্বীকাৰোক্তিৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। সেই সময়তে পৰ্ণগ্ৰাফীৰ শ্বুটিং চলি আছিল। হাতে লুটে ধৰা হয় ৫ জনক। জব্দ কৰা হৈছে লেপটপ, পেন ড্ৰাইভ।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : February 13, 2021, 10:36 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।