নাগৰিকত্ব সংশোধনী বিধেয়ক সোমবাৰে লোকসভাত উত্থাপন হয় আৰু বিধেয়কখনৰ সপক্ষে ৩১১টা আৰু বিপক্ষে ৮০টা ভোট পৰে। তাৰ পিছতে লোকসভাত গৃহীত হয় বিতৰ্কিত বিধেয়কখন। এই সন্দৰ্ভত AIMIMৰ মুৰব্বী তথা সাংসদ আছাদুদ্দিন অ’ৱেইছীয়ে কয় যে ভাৰতত এনেধৰণৰ আইন আনি জিন্নাক জীৱন্ত কৰি আছে।
অ’ৱেইছীয়ে কয় – ‘মৌলানা আবুল কালাম আজাদে কৈছিল যে মই এজন হিন্দুস্তানী মুছলমান, মোৰ ধৰ্মৰ এই দেশৰ সৈতে হাজাৰ বছৰৰ সম্পৰ্ক আছে আৰু হিন্দুত্বৰ সৈতে চাৰি হাজাৰ বছৰতকৈ অধিক কালৰ সম্পৰ্ক আছে। যেতিয়া মোৰ এই দেশৰ সৈতে এহাজাৰ বছৰৰ সম্পৰ্ক আছে, তেন্তে সেই সম্পৰ্ক ক’ত গ’ল?’
অ’ৱেইছীয়ে কয় – আপোনালোকে সংসদত বহি বাৰ্তা দি আছে যে আমি মুছলমান, সেইবাবে নাগৰিকত্ব সংশোধনী বিধেয়কৰ আওতালৈ নানে। আনহাতে, পশ্চিম বংগৰ মমতা চৰকাৰক টাৰ্গেট কৰি AIMIMৰ মুৰব্বীগৰাকীয়ে কয় যে তেওঁলোকে কওক পশ্চিম বংগৰ মুছলমানৰ বাবে কি কৰিছে।
‘এই দেশত মুছলমানসকল ভিলেইন। মই মোদীৰ সৈতে গ’লে মোক ৰজনীকান্ত বনাই দিব আৰু কংগ্ৰেছৰ সৈতে গ’লে অমিতাভ বচ্চন বনাই দিব। এই ৰাজনৈতিক প্ৰেক্ষাপটত আমি ভিলেইনৰ চৰিত্ৰত সুখী।’ – মন্তব্য অ’ৱেইছীৰ। লগতে অ’ৱেইছীয়ে কয় যে ভাৰতৰ এক তৃতীয়াংশ অঞ্চল চীনৰ ওচৰত আছে, সেয়া কিয় নলয়? কিয় আপোনালোকে চীনক ভয় কৰে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : December 11, 2019, 09:02 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|