বাছ দুৰ্ঘটনাঃ উত্তৰ প্ৰদেশৰ ৰোডৱেজৰ অসাৱধানতাৰ বাবে ২৯ গৰাকী যাত্ৰীৰ মৃত্যু

চালকৰ টোপনি ধৰাৰ বাবে এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ পোৱা গৈছে। যদি ৰোডৱেজৰ বিষয়া দেওবাৰে নিশা সাৱধান হৈ থাকিলে হয় তেন্তে ২৯গৰাকী লোকে এই অকাল মৃত্যুক সাৱটি নল’লে হয়।

News18-Assam
Updated:July 8, 2019, 2:11 PM IST
বাছ দুৰ্ঘটনাঃ উত্তৰ প্ৰদেশৰ ৰোডৱেজৰ অসাৱধানতাৰ বাবে ২৯ গৰাকী যাত্ৰীৰ মৃত্যু
চালকৰ টোপনি ধৰাৰ বাবে এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ পোৱা গৈছে। যদি ৰোডৱেজৰ বিষয়া দেওবাৰে নিশা সাৱধান হৈ থাকিলে হয় তেন্তে ২৯গৰাকী লোকে এই অকাল মৃত্যুক সাৱটি নল’লে হয়।
News18-Assam
Updated: July 8, 2019, 2:11 PM IST
উত্তৰ প্ৰদেশৰ ৰোডৱেজৰ অসাৱধানতাই প্ৰাণ ল’লে বাছৰ ২৯ গৰাকী যাত্ৰীৰ। যমুনা এক্সপ্ৰেছৱেত দ’ খাৱৈত পৰি সংঘটিত হয় এই ভয়াৱহ পথ দুৰ্ঘটনা। যেতিয়ালৈ উদ্ধাৰ অভিযান আৰম্ভ হয় আৰু লোককেইজনক খাৱৈৰ পৰা উদ্ধাৰ কৰা হয় তেতিয়ালৈ মৃত্যুক সাৱটে আটাইকেইজন লোকে। মৃত লোককেইজনৰ ভিতৰত এটি কণমানি শিশু আৰু এগৰাকী মহিলাও আছিল।

চালকৰ টোপনি ধৰাৰ বাবে এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ পোৱা গৈছে। যদি ৰোডৱেজৰ বিষয়া দেওবাৰে নিশা সাৱধান হৈ থাকিলে হয় তেন্তে ২৯গৰাকী লোকে এই অকাল মৃত্যুক সাৱটি নল’লে হয়। সকলো কথা জানিও লক্ষ্ণৌৰ পৰাই বাছত এজন চালক পঠোৱা হৈছিল। কিন্তু নিয়মানুসৰি এজন চালকে এদিনত মাত্ৰ ৪০০ কিঃমিহে বাছ চলাব পাৰে।

উত্তৰ প্ৰদেশৰ ৰোডৱেজৰ প্ৰাক্তন বিষয়াই জনোৱা অনুসৰি, ‘দিন হওক বাব নিশা হওক এজন চালকে ৪০০ কিঃমিহে বাছ চলাব পাৰে। ৪০০ কিঃমিঃ সম্পূৰ্ণ হোৱাৰ লগতে আন এজন চালকক বাছখন গটাই দিয়া হয়। কিন্তু এই বাছখনত এজনহে চালক আছে। কিন্তু লক্ষ্ণৌৰ পৰা আনন্দ বিহাৰ, দিল্লীৰ দূৰত্ব ৫০০ কিঃমিঃতকৈও অধিক। কিন্তু সকলো জনা সত্ত্বেও ডিপোৰ পৰা বাছত এজনহে চালক পঠোৱা হৈছিল।’



উত্তৰ প্ৰদেশৰ ৰোডৱেজৰ প্ৰাক্তন চালক মহবুব আলীয়ে কোৱা অনুসৰি, প্ৰায় ১৯৮২ চনলৈ দূৰণীবটীয়া যাত্ৰাৰ বাছসমূহত চালক আৰু কনডাক্টৰ আদবাটতে সলনি কৰা হয়। যেতিয়াই চালকে নিজৰ দূৰত্ব সম্পূৰ্ণ কৰে তেতিয়াই অন্য এজন চালকে সেই চালকজনৰ দায়িত্ব গ্ৰহণ কৰে।



কিন্তু এই ব্যৱস্থাক বন্ধ কৰি দিয়া হৈছিল। পিছত বাছত দুজনকৈ চালক যোৱাৰ নিয়ম বলবৎ কৰা হ’ল। এজনে শুব আৰু আনজনে বাছ চলাব। কিন্তু এই উপায়েৰে চালকৰ টোপনি যদিও সম্পূৰ্ণ হয় কিন্তু কষ্ট হ্ৰাস পোৱা নাছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি