কি ভয়ংকৰ কাণ্ড! ৩ বছৰীয়া কণমানিক পিতৃ–মাতৃয়ে এৰি থৈ গৈছিল বনকৰা মানুহৰ হাতত, CCTV ফুটেজত পোহৰলৈ গাৰ নোম শিয়ৰাই তোলা ঘটনা

News18 Assam | News18-Assam
Updated:September 1, 2020, 12:40 PM IST
কি ভয়ংকৰ কাণ্ড! ৩ বছৰীয়া কণমানিক পিতৃ–মাতৃয়ে এৰি থৈ গৈছিল বনকৰা মানুহৰ হাতত, CCTV ফুটেজত পোহৰলৈ গাৰ নোম শিয়ৰাই তোলা ঘটনা
তিনি বছৰীয়া কণমানিক বনকৰা মহিলাই মাৰ ধৰ কৰাৰ ভিডিও বন্দী হৈছে চিচিটিভত। উত্তৰ প্ৰদেশৰ কাণপুৰত সংঘটিত হৈছে এই ঘটনা। 

তিনি বছৰীয়া কণমানিক বনকৰা মহিলাই মাৰ ধৰ কৰাৰ ভিডিও বন্দী হৈছে চিচিটিভত। উত্তৰ প্ৰদেশৰ কাণপুৰত সংঘটিত হৈছে এই ঘটনা। 

  • News18 Assam
  • Last Updated: September 1, 2020, 12:40 PM IST
  • Share this:
বনকৰা মানুহে এটি তিনিবছৰীয়া কণমানিক মাৰ ধৰ কৰাৰ ঘটনাই আপোনাক জোকাৰি যাব। উত্তৰ প্ৰদেশৰ কাণপুৰৰ কল্যাণপুৰত ৰতন আৰ্বিট এপাৰ্টমেণ্টত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড। চিচিটিভিত বন্দী হৈছে সমগ্ৰ ঘটনা। এটি তিনিবছৰীয়া কণমানিক ঘৰুৱা সহায়কাৰীয়ে নিষ্ঠুৰভাৱে মাৰ ধৰ কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছত শিয়ৰি উঠিছে শিশুটিৰ পৰিয়াল।

ঘটনাৰ বিৱৰণী মতে, ৰতন অৰ্বিট এপাৰ্টমেণ্টত বসবাস কৰা এক চৰকাৰী দম্পত্তিয়ে নিজৰ পুত্ৰক বনকৰা সহায়কাৰীৰ হাতত এৰি থৈ দৈনিক কাৰ্যালয়লৈ যায়। কেইবাদিনৰ পৰা শিশুটি আতংকিত হৈ থকা দেখা পোৱা গৈছিল। পৰিয়ালৰ মানুহে ভয় খাই থকা শিশুটিৰ অৱস্থা দেখি সন্দেহ ওপজাত চিচিটিভি ফুটেজ পৰীক্ষা কৰে আৰু দেখা পায় যে যিগৰাকী বনকৰা সহায়কাৰীৰ হাতত তেওঁলোকে শিশুটিক এৰি থৈ যায় সেইগৰাকীয়ে অকলশৰে পোৱাৰ সময়ত শিশুটিত গোৰ, ঘোঁচা আৰু জোতা–চেণ্ডেলেৰে শিশুটিক অতি নিৰ্মমভাৱে মাৰ পিট কৰে। 

শিশুটিৰ পিতৃয়ে কোৱা মতে শিশুটিয়ে দৈনিক অংগী–ভংগীৰে কান্দি কান্দি কৈছিল। পিতৃয়ে আফচোচ কৰে যে তেওঁলোকে বুজি নাপালে। চিচিটিভি ফুটেজ চোৱাতহে তেওঁলোকে ধৰিব পাৰে। বনকৰা সহায়কাৰী গৰাকীয়ে ধৰা পৰাৰ পিছত হাত জোৰকৈ অনুনয়–বিনয় কৰিবলৈ লয়।

শিশুটিক বনকৰা মহিলাই মাৰ পিট কৰাৰ পিছত গুপ্তাংগতো আঘাতপ্ৰাপ্ত হৈছে। জোতা–চেণ্ডেল আৰু গোৰ–ঘোঁচাৰে মাৰ পিট কৰাৰ ফলত শিশুটি অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। শিশুটিয়ে মাক–দেউতাক ঘৰলৈ উভতি অহাৰ পিছত বনকৰা মানুহগৰাকীলৈ দেখুৱাই কান্দি কান্দি অবুজ ভাষাৰে বুজাবলৈ চেষ্টা কৰে। 

ৰেণু নামৰ কামকৰা মানুুহগৰাকীক ইতিমধ্যে এফআইআৰ দাখিল কৰাৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছে।

কি ভয়ংকৰ ঘটনা! সঁচাই কণমানি শিশুক কাৰোবাৰ হাতত এৰি থৈ যোৱাসকল সাৱধান হওক। চিচিটিভি নথকা হ’লে এই পৰিয়ালটোৱে গমেই নাপালে হেতেন।
First published: September 1, 2020, 12:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading