• Home
  • »
  • News
  • »
  • nation
  • »
  • 'শৰীৰৰ এক তৃতীয়াংশ ওজন কেৱল ভৰি খনৰে, তথাপিও মই কাটি নিদিও'- বিৰল ৰোগত আক্ৰান্ত এগৰাকী মডেলৰ সাহসী উত্তৰ...

'শৰীৰৰ এক তৃতীয়াংশ ওজন কেৱল ভৰি খনৰে, তথাপিও মই কাটি নিদিও'- বিৰল ৰোগত আক্ৰান্ত এগৰাকী মডেলৰ সাহসী উত্তৰ...

 লিম্ফেডিমা নামৰ এক বিৰল ৰোগত আক্ৰান্ত হৈ জন্ম গ্ৰহণ কৰা মেহ'গনি গেটাৰ নামৰ এগৰাকী সাহসী মডেলৰ কথা এয়া ।

লিম্ফেডিমা নামৰ এক বিৰল ৰোগত আক্ৰান্ত হৈ জন্ম গ্ৰহণ কৰা মেহ'গনি গেটাৰ নামৰ এগৰাকী সাহসী মডেলৰ কথা এয়া ।

লিম্ফেডিমা নামৰ এক বিৰল ৰোগত আক্ৰান্ত হৈ জন্ম গ্ৰহণ কৰা মেহ'গনি গেটাৰ নামৰ এগৰাকী সাহসী মডেলৰ কথা এয়া ।

  • Share this:
জন্মৰ পৰাই এক বিৰল ৰোগত আক্ৰান্ত হৈ ফেশ্বন জগতত উজলি উঠা এগৰাকী বিশেষভাৱে সক্ষম মডেলৰ কাহিনী এতিয়া চৰ্চালৈ আহিছে। দৰাচলতে লিম্ফেডিমা নামৰ এক বিৰল ৰোগত আক্ৰান্তহৈ জন্ম গ্ৰহণ কৰা মেহ'গনি গেটাৰ নামৰ সাহসী মডেলগৰাকী হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসিন্দা। লিম্ফেডিমা ৰোগৰ বাবেই মেহগনি গেটাৰৰ বাওঁ ভৰিখনৰ ওজন, শৰীৰৰ মুঠ ওজনৰ এক তৃতীয়াংশ অর্থাৎ ১০০ এলবি।

যিয়ে মেহগনিক কিছু সমস্যাৰ সন্মুখীন কৰাই যদিও তেওঁ সুখী। এই ফুলা বৃহত্‍  আকাৰৰ ভৰিখনলৈয়ে শেহতীয়াকৈ ফেশ্বন জগতত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে তেওঁ। সম্প্ৰতি ভিন্ন ফটোশ্বুটৰ মাধ্যমেৰে মেহ'গনিয়ে ইনষ্টাগ্ৰামত নিজৰ অক্ষমতা দেখুওৱাৰ লগতে YouTube আৰু অন্যান্য ছচিয়েল মিডিয়া প্লেটফৰ্মটো নিজৰ অৱস্থাৰ বিষয়ে সজাগতা বৃদ্ধি কৰিছে ।

জন্মৰ কিছুদিন পিছতেই মেহ'গনিৰ এই ৰোগৰ চিকিত্‍সা কৰা হৈছিল যদিও বিষ প্ৰশমনৰ চেষ্টা কৰাৰ বাদে ইয়াৰ কোনো চিকিৎসা নাই। ভৰিখন ফুলা হ্ৰাস কৰিবলৈ ফিজিঅ'থেৰাপী আৰু লিম্ফেটিক ড্ৰেনেজ মালিচৰ এটা নিয়মীয়া প্ৰক্ৰিয়া কৰিব পাৰে মাথো।

ভৰিত ৰোগ আছে যদিও অত্যন্ত সাহসী মেহগনি। তিনিগৰাকী ভগ্নীৰ ভিতৰত ডাঙৰ মেহ'গনিয়ে নিজৰ ৰোগৰ সন্দৰ্ভত কৈছিল, "সৰুতে মই কেতিয়াও নিজকে ধুনীয়া অনুভৱ কৰা নাছিলো। মই ভাবিছিলো যে, ঈশ্বৰে মোক অভিশাপ দিছিল। মই কুৎসিত অনুভৱ কৰিছিলো। নিজৰ শৰীৰটোক লৈ আচৰিত হৈ বহুবাৰ কান্দিছিলো। কিন্তু পিছত মই সিদ্ধান্ত লৈছিলো যে, মোক এই অৱস্থা দিয়া হৈছিল কাৰণ মই আৱেগিকভাৱে শক্তিশালী আৰু মই ইয়াক চম্ভালিব পাৰিম। তেতিয়াৰ পৰা মই নিজকে স্বীকাৰ কৰি জীৱনটো উদযাপন কৰিবলৈ শিকি আছো। "

ইপিনে মেহ'গনিৰ এই সাহসিকতাৰ যাত্ৰাত একাংশই সাহস দিয়াৰ বিপৰীতে একাংশই ট্ৰ'লাৰে ভিন্ন সময়ত মডেলগৰাকীৰ ভৰিখনকলৈ উপহাস কৰি অহাৰ লগতে ভৰিখন কাটি দিবলৈও কৈ আহিছে ।
Published by:Himangshu Bhuyan
First published: