মাতৃভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে ৰাজ্য চৰকাৰে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। যিকোনো মাধ্যমৰ বিদ্যালয়ত দশম শ্ৰেণীলৈকে বাধ্যতামূলক হ’ব মাতৃভাষা। অন্যথা নিয়ম নমনা বিদ্যালয়ে ভৰিব লাগিব ১ লাখ টকাৰ জৰিমনা।
এই সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ। মাৰাঠী ভাষা প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ৰাজ্যখনৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহত দশম শ্ৰেণীলৈকে বাধ্যতামূলক কৰা হৈছে মাৰাঠী ভাষা। ২০২১–২১ শিক্ষা বৰ্ষৰ পৰা কাৰ্যকৰী হ’ব এই সিদ্ধান্ত। ইতিমধ্যে মহাৰাষ্ট্ৰত বিধানসভাত উত্থাপিত কৰা হ’ল বিধেয়ক।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : February 27, 2020, 12:13 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।