এটা ভয়ংকৰ ভিডিঅ’, চাওক প্ৰকাণ্ড ঢেকীয়াপতীয়াৰ হাতোৰাৰ পৰা কিদৰে ৰক্ষা পৰিল এজন লোক, Viral Video

News18 Assam | News18-Assam
Updated:January 27, 2020, 11:18 AM IST
এটা ভয়ংকৰ ভিডিঅ’, চাওক প্ৰকাণ্ড ঢেকীয়াপতীয়াৰ হাতোৰাৰ পৰা কিদৰে ৰক্ষা পৰিল এজন লোক, Viral Video
বাঘৰ আক্ৰমণত সেই লোকজনৰ লগতে আন দুজন লোকে আহত হয়।

বাঘৰ আক্ৰমণত সেই লোকজনৰ লগতে আন দুজন লোকে আহত হয়।

  • Share this:
ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভয়ংকৰ ভিডিঅ’। ভিডিঅ’টো দেখিলে চকু থৰ হৈ ৰ’ব আপোনাৰো। ঘটনাটো মহাৰাষ্ট্ৰৰ ভণ্ডাৰা জিলাৰ। হঠাৎ হাবিৰ মাজৰ পৰা ওলাল এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘ। সেই স্থানত থকা লোকসকলে হুলস্থূল লগাই বাঘটো খেদি পঠিওৱাৰ চেষ্টা চলালে। সেই সময়তে এজন লোকক আক্ৰমণ কৰিলে বাঘটোৱে। মাটিত বাগৰি পৰা লোকজনক খামুচি ধৰি থাকিল বাঘটোৱে। আন লোকসকলে বাঘটোক খেদি পঠিয়াবৰ বাবে শিলগুটি–মাটিৰ চপৰা আদি দলিয়াই হুলস্থূল কৰি থকাত কিছু সময় পিছত লোকজনক এৰি পলায়ন কৰে বাঘটোৱে।

বাঘৰ আক্ৰমণত সেই লোকজনৰ লগতে আন দুজন লোকে আহত হয়। ভাৰতীয় বন সেৱাৰ এজন বিষয়াই ছচিয়েল মিডিয়াত পোষ্ট কৰিছে এই ভিডিঅ’টো।

আৰু চাওক
পৰৱৰ্তী বাতৰি