• Home
  • »
  • News
  • »
  • nation
  • »
  • ৰিলায়েন্সক লৈ মিছা অপবাদ বিয়পোৱা হৈছে, নতুন আইনে কেৱল কৃষককহে লাভ দিবঃ মহাৰাষ্ট্ৰ কৃষি সংগঠন

ৰিলায়েন্সক লৈ মিছা অপবাদ বিয়পোৱা হৈছে, নতুন আইনে কেৱল কৃষককহে লাভ দিবঃ মহাৰাষ্ট্ৰ কৃষি সংগঠন

নতুন কৃষি আইনক লৈ বিয়পোৱা বিভ্ৰান্তিকৰ বাতৰিসমূহক লৈ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে সোমবাৰে এক বিবৃতি জাৰি কৰিছে।

নতুন কৃষি আইনক লৈ বিয়পোৱা বিভ্ৰান্তিকৰ বাতৰিসমূহক লৈ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে সোমবাৰে এক বিবৃতি জাৰি কৰিছে।

নতুন কৃষি আইনক লৈ বিয়পোৱা বিভ্ৰান্তিকৰ বাতৰিসমূহক লৈ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে সোমবাৰে এক বিবৃতি জাৰি কৰিছে।

  • Share this:
নতুন দিল্লীঃ নতুন কৃষি আইনৰ আধাৰত কৰ্প’ৰেট ফাৰ্মিং (Corporate Farming) সন্দৰ্ভত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে (Reliance Industries) আজি স্পষ্টীকৰণ জাৰি কৰিছে। কোম্পানীয়ে স্পষ্টকৈ কৈছে যে কনট্ৰেক্ট ফাৰ্মিঙৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক আগতেও নাছিল আৰু আগলৈও নহ’ব। ৰিলায়েন্সে কৃষিৰ ভূমিও ক্ৰয় নকৰে। এই স্পষ্টীকৰণৰ পিছতে বিভিন্ন সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

মহাৰাষ্ট্ৰৰ কৃষি সংগঠনৰ অধ্যক্ষ অনিল ঘনবটে কয় যে কৃষি আইনক লৈ মানুহৰ মাজত ভ্ৰম বিয়পোৱা হৈছে। কোৱা হৈছে যে ডাঙৰ ডাঙৰ কোম্পানীসমূহে কৃষকৰ মাটি অধিগ্ৰহণ কৰিবলৈ অপচেষ্টা কৰি আছে। এই তথ্য শুদ্ধ নহয়। প্ৰকৃততে কোনো ডাঙৰ কোম্পানীয়ে কৃষকৰ মাটি দখল কৰা নাই। বিগত বহু বছৰৰ পৰা মহাৰাষ্ট্ৰ আৰু পঞ্জাৱত কনট্ৰেক্ট ফাৰ্মিং হৈ আছে। কৃষকসকলে ইয়াৰ পৰা লাভ পাই আছে। কনট্ৰেক্ট ফাৰ্মিঙৰ অধীনত কোনো কৃষকে কোনো ধৰণৰ মাটি অধিগ্ৰহণ কৰিব নোৱাৰে।

পঞ্জাৱৰ বিজেপি নেতা হৰজিত সিং গ্ৰেৱালে কয় যে কনট্ৰেক্ট ফাৰ্মিঙৰ সৈতে গোটেই দেশতে ৰিলায়েন্সৰ একো সম্পৰ্ক নাই। ৰিলায়েন্সৰ এই বিবৃতি একেবাৰে শুদ্ধ আৰু ইয়াৰ জৰিয়তে কৃষকক বিভ্ৰান্ত কৰা হৈছে। টাৱাৰ ভঙাক লৈ সাধাৰণ মানুহে ক্ষতিগ্ৰস্ত হৈছে। পঞ্জাৱ চৰকাৰৰ পূৰ্বৰ মন্ত্ৰী সুৰজিত জ্য়ানীয়ে কয় যে, ৰিলায়েন্সৰ কনট্ৰেক্ট ফাৰ্মিঙৰ সৈতে কোনো লেনা–দেনা নাই। প্ৰধানমন্ত্ৰীক বদনাম কৰিবলৈ ৰিলায়েন্সৰ নাম লোৱা হৈছে।

বিশ্বাস পাঠকে কয় যে মোদী চৰকাৰে যি নতুন আইন আনিছে তাত কনট্ৰেক্ট ফাৰ্মিং অনিবাৰ্য নহয়। কিন্তু কোনোবাই যদি কনট্ৰেক্ট ফাৰ্মিং কৰে তেনেহ’লে তাৰ দ্বাৰা যাতে কৃষকসকলৰ লোকচান নহয় তাৰ কাৰণে আইনী প্ৰাৱধান আছে। ৰিলায়েন্স এই ব্যৱসায়তে নাই যেতিয়া কোম্পানীটোক টাৰ্গেট কৰা উচিত নহ’ব। যিকোনো প্ৰাইভেট কোম্পানীৰ ইনভেষ্টমেণ্ট থাকিলে তাত বেংকৰ জৰিয়তে ৰাজহুৱা টকাই থাকে। সেইকাৰণে পাব্লিক প্ৰপাৰ্টিৰ লোকচান কৰা উচিত নহয়। কৃষকসকলে এই কথা বুজিব লাগিব যে যিকোনো পাব্লিক সম্পত্তি ক্ষতিগ্ৰস্ত কৰাৰ আগতে দহবাৰ ভবা উচিত। ইয়াৰ ফলত সাধাৰণ মানুহৰ লোকচান হয়। আইন হাতত তুলি লোৱা বেয়া কথা।

বিজয় সৰদানাই কয় যে একাংশ মানুহে ভাৰতৰ কৰ্প’ৰেটক বদনাম কৰিবলৈ চেষ্টা কৰি আছে। ৰিলায়েন্সৰ এই বিবৃতি বহুত গুৰুত্বপূৰ্ণ। তেতিয়া তেওঁক সোধা গ’ল যে, কৃষকসকলে কনট্ৰেক্ট ফাৰ্মিং কৰিব লাগেনে? তেতিয়া তেওঁ কয় যে যিধৰণে আমাৰ ইয়াত মাটিৰ ৰেট আৰু মাটিবোৰ সৰু সৰু টুকুৰাত খণ্ডিত সেইসমূহলৈ চাই ভাৰতত কৰ্পৰেট ফাৰ্মিং সম্ভৱেই নহয়।

বিজেপি নেতা শ্বাহনৱাজ হুছেইনে কয় যে, ৰিলায়েন্সৰ ক্ষেত্ৰত ভুলকৈ তথ্য বিয়পোৱা হৈছে। কোম্পানীটো আগবাঢ়ি যাব, গুলাম বনাই ল’ব আদি বিভ্ৰান্তিকৰ তথ্য বিয়পোৱা হৈছে। এনেকুৱা নহয়, এমএছপিৰ তলত ক্ৰয় কৰাৰ কাকো অনুমতি দিয়া নাই।
First published: