মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»উশাহ লোৱাত বোলে নাই কোনো সমস্যা! শংকৰে বনাই ল’লে সোণৰ মাস্ক, মূল্য প্ৰায় তিনি লাখ টকা

উশাহ লোৱাত বোলে নাই কোনো সমস্যা! শংকৰে বনাই ল’লে সোণৰ মাস্ক, মূল্য প্ৰায় তিনি লাখ টকা

News18 Assam | News18-Assam
Updated:July 4, 2020, 10:08 AM IST
উশাহ লোৱাত বোলে নাই কোনো সমস্যা! শংকৰে বনাই ল’লে সোণৰ মাস্ক, মূল্য প্ৰায় তিনি লাখ টকা
কোৰোণা ভাইৰাছৰ পৰা বাচি থাকিবলৈ মাস্ক পৰিধান কৰাটো অত্যন্ত জৰুৰী।বজাৰত উপলব্ধ হৈছে বিভিন্ন ধৰণৰ মাস্ক।

কোৰোণা ভাইৰাছৰ পৰা বাচি থাকিবলৈ মাস্ক পৰিধান কৰাটো অত্যন্ত জৰুৰী।বজাৰত উপলব্ধ হৈছে বিভিন্ন ধৰণৰ মাস্ক।

  • Share this:
কোৰোণা ভাইৰাছৰ পৰা বাচি থাকিবলৈ মাস্ক পৰিধান কৰাটো অত্যন্ত জৰুৰী। প্ৰয়োজনীয় কামত ঘৰৰ বাহিৰলৈ গ’লে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। বৰ্তমান বজাৰত উপলব্ধ হৈছে বিভিন্ন ধৰণৰ মাস্ক। তাৰ মাজতে মহাৰাষ্ট্ৰৰ পুণেৰ শংকৰ কুৰাড নামৰ এজন ব্যক্তিয়ে নিজৰ বাবে বনাই ল’লে সোণৰ মাস্ক। যাৰ দাম হৈছে ২.৮৯ লাখ।

লোকজনে কয় যে, ‘সোণৰ মাস্কখন পাতল, উশাহ লোৱাত নাই কোনো সমস্যা। মই নাজানো যে, এই মাস্ক কোৰোণা ভাইৰাছৰ পৰা বাচি থাকিবলৈ উপযুক্ত হ’ব নে নহ’ব।’

শংকৰে শৰীৰত পৰিধান কৰে প্ৰায় ৩ কিলোৰ সোণ। নিজে স্বীকাৰ কৰিছে যে, সোণৰ প্ৰতি আছে তেওঁৰ দুৰ্বলতা। আনকি এতিয়া মাস্কো নিৰ্মাণ কৰি ল’লে সোণৰ।




কিয় বনাই ল’লে সোণৰ মাস্ক-

সৰুৰে পৰা সোণ পৰিধান কৰাটো নিচাৰ দৰে শংকৰৰ। তেওঁ কয় যে, ‘মই কোলহাপুৰৰ এজন ব্যক্তিয়ে ৰূপৰ মাক্স পৰিধান কৰা টিভিত দেখিছিলো। আৰু তেতিয়াই সোণৰ মাস্ক বনোৱাৰ কথাটো মোৰ মনলৈ আহিল। লগে লগে মই সোণাৰীৰ ওচৰলৈ গৈ সোণৰ মাস্ক বনাবলৈ কলো, আৰু এসপ্তাহৰ ভিতৰত মই সোণৰ মাস্ক খন লাভ কৰিলো।’ এতিয়া পৰিয়ালৰ বাকী সদস্যৰ বাবেও শংকৰে বনাই দিব সোণৰ মাস্ক।
First published: July 4, 2020, 10:08 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি