உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Maharashtra road accident: ভয়ংকৰ পথ দুৰ্ঘটনা, বিজেপি বিধায়কৰ পুত্ৰসহ ৭জনৰ মৃত্যু

    Maharashtra road accident: ভয়ংকৰ পথ দুৰ্ঘটনা, বিজেপি বিধায়কৰ পুত্ৰসহ ৭জনৰ মৃত্যু

    আটাইকেইজন এখন মেডিকেল কলেজৰ ছাত্ৰ আছিল। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই দলং ভাঙি নদীত বাগৰি পৰে।

    • Share this:

    মহাৰাষ্ট্ৰৰ ছেলপুৰাৰ সমীপত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত ৭ ছাত্ৰৰ মৃত্যু হয়। খবৰ অনুসৰি, মৃতসকলৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক বিজয় ৰহাংগদালেৰ পুত্ৰও আছে। এই ঘটনা সোমবাৰে নিশা প্ৰায় ১১.৩০ বজাত সংঘটিত হয়। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ছাত্ৰসকল ৱাৰ্ধাৰ দিশলৈ গৈ আছিল।

    খবৰ অনুসৰি, আটাইকেইজন এখন মেডিকেল কলেজৰ ছাত্ৰ আছিল। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই দলং ভাঙি নদীত বাগৰি পৰে। নিহত ছাত্ৰসকলৰ বয়স ২৫ৰ পৰা ৩৫ বছৰৰ ভিতৰত। বৰ্তমান ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। মৃতসকলক নীৰজ চৌহান, আৱিষ্কাৰ ৰহাংগদালে, নিতেশ সিং, বিবেক নন্দন, প্ৰত্যুষ সিং, শুভম জয়ছোৱাল আৰু পৱন শক্তি বুলি চিনাক্ত কৰা হৈছে।

    Published by:Sanjay Kumar Das
    First published: